উত্তৰাখণ্ডৰ ভয়াবহ হিমস্খলন- অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা সন্ধানহীন

0
330

উত্তৰাখণ্ডৰ ভয়াবহ হিমস্খলন- অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা সন্ধানহীন। দ্বীপশিখা হাজৰিকাৰ ঘৰ গুৱাহাটীত।

আনহাতে অসমৰ আন এগৰাকী পৰ্বতাৰোহী ভাৰ্গৱ বৰা সুকলমে উভতি আহিছে এই ভয়াৱহ দুৰ্ঘটনাৰ পৰা।

সোমবাৰে সংঘটিত হোৱা উত্তৰাখণ্ডত ভয়াৱহ হিমস্খলনত ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে। আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১১ জন পৰ্বতাৰোহী।

বৰ্তমানলৈ পৰ্বতাৰোহী দলটোৰ ৮ জনক উদ্ধাৰ কৰা হৈছে। প্ৰতিষ্ঠানখনৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭জন প্ৰশিক্ষকৰ দল উভতি আহোতে সংঘটিত হৈছে এই অঘটন।

প্ৰায় ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত হৈছিল এই ভয়াৱহ হিমস্খলনৰ ঘটনা।

সন্ধানহীন পৰ্বতাৰোহীক উদ্ধাৰৰ বাবে ব্যাপক অভিযান অব্যাহত। উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে সামৰিক বাহিনীও।

আনহাতে দুয়োগৰাকী পৰ্বতাৰোহীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।