হিমাচলত বিজেপিয়ে মুখ থেকেচা খোৱাৰ পিছত মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে দিলে পদত্যাগ পত্ৰ

0
106

হিমাচলত বিজেপিয়ে মুখ থেকেচা খোৱাৰ পিছত মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে দিলে পদত্যাগ পত্ৰ

হিমাচল প্ৰদেশত বিজেপি পৰাজয় হোৱাৰ পিছত মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে বৃহস্পতিবাৰে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰক পদত্যাগ পত্ৰ প্ৰদান কৰে।জানিব পৰা মতে ৰাজ্যপালে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। পৰাজয় স্বীকাৰ কৰি তেওঁ এটা টুইট কৰিছে।

টুইট টোত তেওঁ লিখিছে যে , “আমি জনাদেশক নম্ৰতাৰে গ্ৰহণ কৰিছো। যোৱা পাঁচ বছৰত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ মূল্যৱান সমৰ্থন দিয়াৰ বাবে অশেষ ধন্যবাদ। ৰাজ্যখনৰ জনসাধাৰণে আগবঢ়োৱা পাঁচ বছৰৰ সেৱাৰ বাবে আপোনালোককো ধন্যবাদ।

আমি হিমাচলৰ সৰ্বাধিক উন্নয়নৰ বাবে সদায় সাজু থাকিম।” দৰাচলতে ৬৮ জনীয়া আসনৰ হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে।তাৰ পিছতে বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ঠাকুৰে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে।

পদত্যাগ পত্ৰ দাখিল কৰাৰ কিছু সময় পূৰ্বে তেওঁ সাংবাদিকৰ আগত কয়, “মই জনসাধাৰণৰ আদেশক সন্মান জনাইছো আৰু অলপ সময়ৰ ভিতৰতে ৰাজ্যপালৰ ওচৰত মোৰ পদত্যাগ পত্ৰ দাখিল কৰিম।”

১৯৮৫ চনৰ পিছত একেৰাহে দ্বিতীয়বাৰৰ বাবে হিমাচল প্ৰদেশত কোনো দল ক্ষমতালৈ অহা নাই আৰু এইবাৰো পৰম্পৰা অব্যাহত আছে।”এতিয়া যেতিয়া এখন নতুন চৰকাৰ গঠন হ’ব, মই তেওঁলোকক (কংগ্ৰেছ) অভিনন্দন জনাইছো আৰু আশা কৰোঁ তেওঁলোকে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব,” বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।