35 C
Guwahati
Wednesday, October 13, 2021
More

    পাটিয়ালাত ক’ভিড প’জিটিভ হিমা দাস

    পাটিয়ালাত ক’ভিড প’জিটিভ হিমা দাস

    ক’ভিড প’জিটিভ হৈছে অসমৰ তাৰকা দৌৰবিদ হিমা দাস। পাটিয়ালাত থকা নেশ্যনেল ইষ্টিটিউট অফ স্পোৰ্টছলৈ উভতি অহাৰ সময়তে ক’ভিডত আক্ৰান্ত হয় হিমা দাস।

    বৰ্তমান হিমা দাস সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

    উল্লেখযোগ্য যে, চলিত মাহৰ শেষৰফালে পাটিয়ালাত থকা নেশ্যনেল ইষ্টিটিউট অফ স্পোৰ্টছত ৰাষ্ট্ৰীয় এথলেটিকছ কেম্প আৰম্ভ হোৱাৰ কথা আছে যদিও হিমা দাসে কিছু সোনকালেই নিজৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ বাবে নেশ্যনেল ইষ্টিটিউট অফ স্পোৰ্টছত উপস্থিত হৈছিল।

    ২০২০ চনৰ টকিঅ’ অলিম্পিকত হিমা দাসে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল। আঘাতজনিত সমস্যাৰ পৰা উভতি অহা বাবেই হিমা দাসৰ প্ৰদৰ্শনত কিছু প্ৰভাৱ পৰিছিল।

    সেয়েহে পূৰ্বৰ সকলো কথা পাহৰি নতুনকৈ পেৰিছ অলিম্পিকলৈ লক্ষ্য বান্ধি প্ৰস্তুতি আৰম্ভ কৰাৰ যো-জা কৰিছিল দৌৰবিদ হিমা দাসে।

    আৰু পঢ়ক : লাভ জেহাদ, কলগাছিয়াত ভূৱা পৰিছয় দি টেট শিক্ষকে পলুৱাই নিলে কিশোৰীক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং