33 C
Guwahati
Thursday, August 4, 2022
More

    প্ৰথম স্থান দখলেৰে ছেমি ফাইনেলত প্ৰৱেশ হিমা দাসৰ

    প্ৰথম স্থান দখলেৰে পৰৱৰ্তী ৰাউণ্ডলৈ ধিং এক্সপ্ৰেছ। ২০০ মিটাৰ ট্ৰেকত সকলোতকৈ আগত থাকি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমা দাসে।

    ইয়াৰ বাবে হিমাই সময় লয় মাত্ৰ ২৩.৪২ ছেকেণ্ড। ছেমিফাইনেলতো এনেদৰে সফল হলে ফাইনেলত খেলিব হিমা।

    এতিয়া একপ্ৰকাৰ ২০০ মিটাৰত হট ফেভাৰিত অসম কন্যা হিমা দাস। সকলোৱে অধিৰ আগ্ৰহেৰে বাট চাইছে হিমাৰ পৰৱৰ্তী খেললৈ।

    অসম কন্যা তথা ধিং এক্সপ্ৰেছৰ পৰা এতিয়া অসমৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে সোণৰ পদক আশা কৰিছে।

    আজিয়ে অনুষ্ঠিত হব ছেমিফাইনেলৰ খেল। নিশা ১২.৫৩ বজাত ছেমি ফাইনেলৰ যুঁজত নামিব হিমা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং