32 C
Guwahati
Wednesday, October 5, 2022
More

    দূৰ্দান্ত প্ৰদৰ্শন কৰিয়ো বিফল হিমা, মাত্ৰ পইণ্ট ১ ৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ধিং এক্সপ্ৰেছে

    মাজ নিশা বাৰ্মিংহামৰ কমনৱেল্থৰ বাকৰিৰ পৰা অসম কন্যা হিমাই দিলে দুখ জনক খবৰ। মাত্ৰ পইণ্ট ১ ৰ বাবে ধিং এক্সপ্ৰেছ হিমা দাসৰ সোণৰ পদকৰ দিশে অগ্ৰসৰ হব নোৱাৰিলে।

    কমনৱেলথ গেমছৰ মহিলাৰ ২০০ মিটাৰৰ ছেমি-ফাইনেলৰ পৰা বিদায় ল’লে ধিং এক্সপ্ৰেছ হিমা দাসে।

    ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈয়ো ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।

    ছেকেণ্ড নহয়, মাত্ৰ পইণ্ট ১ ৰ বাবেই থমকি ৰব লগা হয় হিমা। দ্বিতীয় থন ছেমি ফাইনেলত তৃতীয় স্থান দখল কৰে হিমাই।

    ২৩. ৪২ ছেকেণ্ড সময় লৈ তৃতীয়ত থাকে হিমা। অষ্ট্ৰেলিয়াৰ খেলুৱৈ এলাই ২৩.৪১ ছেকেণ্ড সময় লৈ দ্বিতীয় স্থানেৰে ফাইনেলত প্ৰৱেশ কৰাত মাত্ৰ পইণ্ট ১ৰ ব্যৱধানৰ বাবে সপোন নিৰ্বাপিত হয় অসম কন্যা ধিং এক্সপ্ৰেছৰ।

    সপোন নিৰ্বাপিত হলেও সকলোৰে প্ৰশংসা লাভ কৰে হিমাই। কিয়নো ফাইনেলত প্ৰৱেশৰ বাবে দুৰ্দান্ত প্ৰদৰ্শন দাঙি দৰে হিমা দাসে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং