
১০ জুনৰ পৰা চেন্নাইত অনুষ্ঠিত হৈ থকা ৬১ তম ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্ত:ৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাত আজি অসমৰ অম্লান বৰগোহাঁই আৰু হিমা দাসে স্বৰ্ণ পদক অৰ্জন কৰিছে।
পুৰুষৰ ১০০ মিটাৰ দৌৰত অম্লানে ১০:৪৭ ছেকেণ্ড সময় লৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বিপৰীতে হিমাই ১১.৪৩ ছেকেণ্ড সময়ত নিজৰ লক্ষ্যত উপনীত হয়।
উল্লেখ্য যে মহিলাৰ ১০০ মিটাৰ দৌৰত অৰ্জুন হিমা দাসে ডুটি চাণ্ডক পিছত ৰাখি সোণৰ পদক অৰ্জন কৰে।
দুয়োগৰাকী খেলুৱৈৰ সাফল্যত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছে।