25 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ইটোৰ পাছত সিটো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধোৱাৰ সময়তে এইবাৰ বৃদ্ধি কৰা হ’ল ৰে’লৰ ভাড়া

    ধাৰাবাহিকভাৱে পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰি পেলোৱা পৰিলক্ষিত হৈছে। ইটোৰ পাছত সিটো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধোৱাৰ সময়তে এইবাৰ বৃদ্ধি কৰা হ’ল ৰে’লৰ ভাড়া।

    হঠাৎ এইদৰে ৰে’লৰ ভাড়া বৃদ্ধি কৰাত যাত্ৰীসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত ৰে’ল মন্ত্ৰ্যালয়ে এক বিবৃতিৰ জৰিয়তে স্পষ্ট কৰিছে ইয়াৰ কাৰণ।

    বৰ্ধিত ভাড়াই মাত্ৰ ৩ শতাংশ ৰে’লক প্ৰভাৱিত কৰিব বুলি ৰে’লৱেই কয়।

    ৰে’লৱেই লগতে কয় যে কৰ’ণাৰ প্ৰাদুর্ভাৱ এতিয়াও আছে আৰু প্ৰকৃততে কিছুমান ৰাজ্যত পৰিস্থিতি অধিক অৱনতি ঘটিছে। ৰে’লত ভিৰ কমাবলৈ আৰু কভিডৰ সংক্ৰমণ হ্ৰাস কৰাৰ উদ্দেশ্যে ভাড়া বৃদ্ধি কৰা হৈছে।

    উল্লেখ্য যে ৰে’ল মন্ত্ৰ্যালয়ে কম দূৰত্বৰ বাবেহে ভাড়া বৃদ্ধি কৰিছে। এই ভাড়া বৃদ্ধিৰ মাধমাৰ ৩০-৪০ কিলোমিটাৰ ভ্ৰমণ কৰা লোকসকলৰ ওপৰত পৰিব।

    কৰ’ণা ভাইৰাছে আকৌ এবাৰ দেশত ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱেই এই পদক্ষেপ গ্ৰহণ কৰিছে।

    আৰু পঢ়ক : ব্যতিক্ৰমী! মন্ত্ৰীয়ে চলাইছে স্কুটাৰ, পিছত বহি মুখ্যমন্ত্ৰীয়ে কৰিছে মূল্যবৃদ্ধিৰ প্ৰতিবাদ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং