কাজিৰঙাত বনকৰ্মীৰ বাহনক মহতিয়াই নিব খোজা তীব্ৰবেগী বাহনক জৰিমনা

0
1771
file photo

বুধবাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ এটা বনকৰ্মীৰ দলে নিয়মীয়া তহললৈ যোৱাৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনএল-০১ডি-৫৫৩৭ নম্বৰৰ এখন দ্ৰুতবেগী টেংকাৰ গাড়ীয়ে বনকৰ্মীৰ জিপচি বাহন খন মহতিয়াই নিয়াৰ চেষ্টা কৰে।

ইয়াৰ পাছতে বনকৰ্মীৰ দলটোৱে বাহনখনৰ পাছে-পাছে খেদি গৈ কিছু দূৰত টেংকাৰখন ৰখাই আৰু বন আইন উলংঘা কৰাৰ দোষত পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে।

উল্লেখযোগ্য যে, বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান সময়ত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

এই ধাৰা অনুসৰি কলিয়াবাৰ মহকুমাৰ আমগুৰিৰ পৰা বোকাখাত মহকুমাৰ বৰজুৰিলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগত গাড়ী চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

এই নিষেধাজ্ঞা ভংগ কৰা প্ৰতিখন তীব্ৰবেগী বাহনৰ ক্ষেত্ৰত বন বিভাগে কঠোৰ ব্যাৱস্থা গ্ৰহণ কৰিব বুলি সতৰ্কবাণী প্ৰেৰণ কৰিছে।