25 C
Guwahati
Tuesday, October 19, 2021
More

    এইবাৰ ক্ৰিকেট জুৱাৰীৰ ওপৰত চকু! ক্ৰাইম বাঞ্চৰ জালত হাই প্ৰফাইল ৩ ক্ৰিকেট জুৱাৰী

    এইবাৰ ক্ৰিকেট জুৱাৰীৰ ওপৰত চকু! ক্ৰাইম বাঞ্চৰ জালত হাই প্ৰফাইল ৩ ক্ৰিকেট জুৱাৰী

    এইবাৰ ক্ৰিকেট জুৱাৰীৰ ওপৰত চকু! ক্ৰাইম বাঞ্চৰ জালত হাই প্ৰফাইল ৩ ক্ৰিকেট জুৱাৰী। আই পি এল খেল চলি থকা এই সময়ত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আইপিএল মেচৰ বুকীং কৰি আছিল দলটোৱে।

    আটকধীন জুৱাৰী কেইজনৰ নাম- দিপেশ বাজৰীয়া , ৰৌণক বাজৰীয়া আৰু ৰাজেশ জৈন। এক গোপন খবৰৰ ভিত্তিতে অভিযান চলাই তিনিও জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় মহানগৰ অপৰাধ শাখাই।

    গুৱাহাটীৰ ফাঁচীবজাৰকে ধৰি মহানগৰীৰ কেইবাটাও স্থানত উচ্ছেদ কৰে ক্ৰাইম ব্ৰাঞ্চে। আটক হোৱা তিনিওজনে সমগ্ৰ ৰাজ্যতে চলাই আহিছিল আই পি এল খেলৰ জুৱাৰ নেক্সাচ।

    তিনিওজনক আটক কৰি ক্ৰাইণ ব্ৰাঞ্চৰ ঘোষণা তদন্তত আৰু বহু লোক জালত পৰাৰ সম্ভাৱনা । ইতিমধ্যে বহু তথ্য লাভ কৰিছে ক্ৰাইণ বিভাগে।

    কালি নিশা গুৱাহাটীৰ বিভিন্ন স্থানত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল। অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান নোমল মাহাটোৰ নেতৃত্বত পুৱতি নিশালৈ চলিছিল অভিযান।

    আৰু পঢ়ক : লখিমপুৰ খেৰীৰ হিংসা, কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং