26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কিদৰে মৃত্যু হ’ল শ শ চৰাইৰ! মৃত্যু সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ

    কিদৰে মৃত্যু হ’ল শ শ চৰাইৰ! মৃত্যু সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ

    কিদৰে মৃত্যু হ’ল শ শ চৰাইৰ! মৃত্যু সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ। বৰপেটাত চৰাইৰ মৃত্যু সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

    বৰপেটাৰ জিলাৰ বহৰি শিলাগাঁৱত সোমবাৰে জাক জাক চৰাই শস্যত ছটিয়াই দিয়া বিষ সেৱন কৰি মৃত্যু হোৱাৰ সন্দেহত ঘটনাৱলী অনুসন্ধানৰ কাৰণে এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।

    পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ক এই ঘটনাৰ তদন্ত কৰি তাৎক্ষণিক ভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

    উল্লেখ্য যে মুখ্যমন্ত্ৰীয়েও এই ঘটনা সন্দৰ্ভত নজৰ ৰাখিছে আৰু পৰিৱেশ আৰু বনমন্ত্ৰীক এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পদক্ষেপ লবলৈ নিৰ্দেশ দিছে।

    এইসময়তে, বৰপেটা ৰোড ৰেঞ্জাৰৰ দ্বাৰা এক গোচৰ ৰুজু কৰা হৈছে , লগতে ঘটনা সন্দৰ্ভত এজন মান্নান আলী নামৰ লোকক আটক কৰা হৈছে। আনহাতে মৃত্যুমুখত পৰা চৰাইসমূহক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

    মৃত্যুমুখত পৰা চৰাইৰ অন্যতম ঘনচিৰিকা, কপৌ আদিৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰূপণ কৰিবলৈ এতিয়া মৰণোত্তৰ প্ৰতিবেদনৰ অপেক্ষা আছে। এই ঘটনাত জড়িত থকা অন্য দুষ্কৃতিকাৰীক ধৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে।

    Input and Photo- Ganesh Chandra Saha

    আৰু পঢ়ক : মুখ্যমন্ত্ৰীক গো মাংস উপহাৰ দিম বুলি কৈ গ্ৰেপ্তাৰ যুৱতী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং