27 C
Guwahati
Monday, October 3, 2022
More

    একনাথ চিন্দে বাহিনীৰ বিৰুদ্ধে থাকৰে বাহিনীৰ বৃহৎ জয়; লাভ কৰিলে অনুমতি…

    উদ্ধৱ থাকৰে বাহিনীক মুম্বাইৰ শিৱাজী পাৰ্কত দছেৰা ৰেলী অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে।

    শুকুৰবাৰে আদালতে ৰায়দান কৰি কয় যে মহাৰাষ্ট্ৰ চৰকাৰে ২ৰ পৰা ৬ অক্টোবৰলৈ শিৱাজী উদ্যানত উদ্ধৱ থাকৰে বাহিনীক এই সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি দিব লাগে।

    আদালতৰ এই সিদ্ধান্ত মহাৰাষ্ট্ৰৰ মুখযমন্ত্ৰী একনাথ চিন্দে বাহিনীৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে।

    গোচৰৰ শুনানিৰ সময়ত শিৱাজী পাৰ্কত দছেৰা ৰেলী অনুষ্ঠিত কৰাৰ বাবে একনাথ চিন্দে বাহিনীৰ আবেদন খাৰিজ কৰে আদালতে।

    শুকুৰবাৰে বিষয়টোৰ শুনানিৰ সময়ত শিৱসেনাৰ (থাকৰে বাহিনী) হৈ বোম্বে উচ্চ ন্যায়ালয়ত অধিবক্তা এছ পি চিনয়ই কয়, ‘শিৱসেনাই ১৯৬৬ চনৰ পৰা শিৱাজী পাৰ্কত দছেৰা ৰেলীৰ আয়োজন কৰি আহিছে। কেৱল কৰ’ণাৰ সময়তহে দছেৰা ৰেলীৰ আয়োজন কৰা হোৱা নাছিল। এতিয়া সকলো উৎসৱ পালন কৰি থকা হৈছে। সেয়ে শিৱসেনাক দছেৰা মেলা আয়োজন কৰাৰ অনুমতি দিব লাগে’।

    ইফালে চিন্দে বাহিনীৰ হৈ অধিবক্তা মিলিন্দ ছালভেই কয় যে শিৱসেনাৰ মূল নেতা একনাথ ছিন্দে। ঠাকৰে ফৈদৰ এই দাবী বিভ্ৰান্তিকৰ আৰু ভুৱা তথ্যৰ ওপৰত আধাৰিত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং