‘মামী’ৰো মাংস খাইছিল এসময়ৰ লোকে, কাৰণ আছিল আচৰিত

0
262

মিছৰৰ ‘মামী’ৰ বিষয়ে সকলোৱে জ্ঞাত। প্ৰাচীন কালত মানুহৰ মৃতদেহবোৰ এবিধ বিশেষ কেমিকেল সানি কাপোৰেৰে মেৰিয়াই বাকচৰ ভিতৰত ৰাখি সমাধিস্থ কৰিছিল। যাৰ বাবে মৃতদেহবোৰ গেলি পচি যোৱাৰ সলনি শুকাইহে গৈছিল।

পাছলৈ সেই ‘মামী’ৰ মৃতদেহ উলিয়াই খাইছিল এচাম লোকে। সেই সময়ৰ লোকে বিশ্বাস কৰিছিল যে, তেনেদৰে কেমিকেল সানি বহু বছৰ ধৰি থৈ দিয়া শুকাই যোৱা মামীৰ মাংস খালে প্লেগ বেমাৰ, মূৰৰ বিষ আদি দূৰ হয়।

মধ্য যুগৰ ১৯ শতিকালৈ এইদৰে মামীৰ মাংস খোৱাৰ তথ্য পোৱা যায়। অৱশ্যে মিছৰৰ সলনিকৈ ইউৰোপৰ দেশ সমূহত ই অধিক জনপ্ৰিয় আছিল।

কেৱল মাংসই নহয়, বিভিন্ন ঔষধ নিৰ্মাণ কৰিয়ো ইয়াক গ্ৰহণ কৰিছিল। আনকি বহু ঔষধ নিৰ্মাতা কোম্পানীয়ে এই মামীৰ পৰাই ‘মামীয়া’ (Mumia) নামৰ এবিধ প্ৰডাক্ট তৈয়াৰ কৰিছিল। যাক বিভিন্ন ৰোগৰ ঔষধত ব্যৱহাৰ কৰিছিল।

কিন্তু পাছলৈ ইয়াৰ মাজতো ঠগ প্ৰৱঞ্চনা হবলৈ ধৰিলে। প্ৰাচীন মামী বুলি ঠগাই অন্যৰ হে ঔষধ বনাই বিক্ৰী কৰিবলৈ ধৰিলে। তাৰোপৰি এনেদৰে ঔষধ নিৰ্মাণৰ বাবে সদায় প্ৰাচীন মামী লাভ কৰাতো সম্ভৱ নাছিল।

কিন্তু পাছলৈ চিকিৎসকে মামী কোনো উপকাৰী নহয় বুলি সদৰি কৰে। লগতে চৰকাৰ বোৰৰ ফালৰ পৰাও কঠোৰতা অৱলম্বন কৰে।

যাৰ বাবে কোনো লোকেই মামীৰ বাকচ খুলিব নোৱাৰিব। লাগিলে সেয়া পুৰাতত্ব বিভাগে নহওক কিয়। কিন্তু ক’লা বজাৰত আজিয়ো মামীৰ বহুত দাম। ই আজিৰ দিনটো গোপনে বিক্ৰী হৈ আছে।