35 C
Guwahati
Wednesday, October 13, 2021
More

    বানৰ প্ৰলয়ংকাৰী ৰূপ! ১৫ জনৰ মৃত্যু, বাট-পথ একাকাৰ, মন্ত্ৰী-বিধায়কৰ ঘৰ দুৱাৰো পানীৰ মাজত

    বানৰ প্ৰলয়ংকাৰী ৰূপ! ১৫ জনৰ মৃত্যু, বাট-পথ একাকাৰ, মন্ত্ৰী-বিধায়কৰ ঘৰ দুৱাৰো পানীৰ মাজত

    অতিকে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। যোগী আদিত্যনাথৰ ৰাজ্যত এতিয়া সকলো ফালেই বানৰ প্ৰকোপ। বানৰ কবলত পৰি বৰ্তমানলৈ ১৫ জনকৈ লোকে হেৰুৱালে প্ৰাণ ।

    বানৰ ভয়ংকৰ ৰূপ দেখিয়ে ৰাজ্য প্ৰশাসনে দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়ে। আনহাতে অন্য লোককো, সেয়া লাগিলে সাধাৰণ লোকেই হওঁক বা কোনো মন্ত্ৰী বিধায়ক অত্যন্ত প্ৰয়োজনত হে ঘৰৰ পৰা বাহিৰ অহাৰ বাবে আহ্বান।

    ৰাজ্য খনত বৃহস্পতিবাৰে কোনো কোনো ঠাইত ১০০ মিলি মিটাৰতকৈয়ো অধিক বৰষুণ হৈছে। ৰাজধানী লক্ষ্ণৌতো বৰষুণ আৰু বানৰ কালৰূপ। মাজ বাটতে আৱদ্ধ হৈ পৰিছে বহু বাহন। কোনো ঠাইত ৰাজপথতে পানীৰ তলত বুৰ যোৱা অৱস্থা যান বাহনৰ।

    UttarP

    বিদ্যুৎ সংযোগো ব্যাহত হৈ পৰিছে বহু ঠাইত। মন্ত্ৰীৰ লগতে উত্তৰ প্ৰদেশৰ কেইবাগৰাকী গন্য মান্য লোকৰ বাসগৃহত বানপানী। ৰাজপথতে উভালি পৰিছে গছ বিৰিখ। ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে সাধাৰণ লোককো সতৰ্কবাণী ঘৰৰ পৰা বাহিৰ নহবলৈ।

    আৰু পঢ়ক : কোনে লাভ কৰিব ভাৰতীয় টি-২০ ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং