
শিহৰণকাৰী দৃশ্য, পিতৃৰ সমুখতেই ঘৰিয়ালে টানি নিলে ১ বছৰীয়া সন্তানক
ছ’চিয়েল মিডিয়াত এটা শিহৰণকাৰী ভিডিঅ’ বৰ্তমানে ভাইৰেল হৈ পৰিছে। যি দৃশ্য দেখি অন্তৰাত্মা কঁপি উঠিছে সকলোৰে ।
পিতৃৰ কাষৰ পৰাই এটা ঘৰিয়ালে টানি লৈ যায় ১ বছৰীয়া পুত্ৰ সন্তানক। এই ঘটনা মালয়েছিয়াৰ চাবাহৰ লাহাদ দাতুৰ উপকূলৰ বুলি জানিব পৰা গৈছে।
য’ত এটি কনমানি শিশুক দেউতাকৰ সন্মুখতে এটা ঘৰিয়ালে পানীলৈ টানি নি খাই পেলাই।
পিতৃয়ে সন্তানটিক ঘৰিয়ালৰ পৰা উদ্ধাৰৰ বাবে আপ্ৰান চেষ্টা চলাই যদিও সকলো প্ৰচেষ্টা বিফল হয়। সন্তানটোক ৰক্ষা কৰিবলৈ গৈ ঘৰিয়ালৰ আঘাতত পিতৃয়ো বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পিতৃয়ে ১ বছৰীয়া পুত্ৰক লগত লৈ সাগৰৰ উপকূলত নাও লৈ মাছ ধৰিবলৈ গৈছিল।
সেই সময়ছোৱাতে, এটা প্ৰকাণ্ড ঘৰিয়ালে আক্ৰমণ চলাই আৰু পিতৃৰ সমুখতেই সন্তানটোক টানি লৈ যায়। সেই ঘটনাৰেই কিছু দৃশ্য সাগৰৰ পাৰত থকা লোকে মোবাইলৰ কেমেৰাত আৱদ্ধ কৰি ৰাখে।
আনহাতে ঘটনাৰ পিছত প্ৰশাসনে অনুসন্ধান অভিযান আৰম্ভ কৰিছে, কিন্তু শিশুটোৰ মৃতদেহ এতিয়ালৈকে পোৱা হোৱা নাই।