26 C
Guwahati
Thursday, September 16, 2021
More

    চিকিৎসা পাঠ্যক্ৰমত অ’ বি চিৰ ২৭% আৰু ই ডব্লিউ এছৰ ১০% আসন সংৰক্ষণৰ ঘোষণা কেন্দ্ৰ চৰকাৰৰ

    চিকিৎসা পাঠ্যক্ৰমত এতিয়াৰে পৰা অ’ বি চি আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী (ই ডব্লিউ এছ)ৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত ক্ৰমে ২৭ শতাংশ আৰু ১০ শতাংশ আসন সংৰক্ষণ কৰা হ’ব।

    বৃহস্পতিবাৰে দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে ২০২১-২২ বৰ্ষৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এই সংৰক্ষণ ব্যাৱস্থাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

    চিকিৎসা পাঠ্যক্ৰমৰ স্নাতক আৰু স্নাতকোত্তৰ উভয় পাঠ্যক্ৰমৰ বাবে এই সংৰক্ষণৰ ব্যাৱস্থা কৰা হৈছে।

    অ’ বি চি আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে আসন সংৰক্ষণ বৃদ্ধি কৰাৰ ফলত দেশত প্ৰতিবছৰে প্ৰায় ৫,৫০০০ ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে উল্লেখ কৰে।

    আনহাতে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অ’ বি চি আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে চিকিৎসা পাঠ্যক্ৰমত আসন বৃদ্ধি কৰা ঘোষণাক বলিষ্ঠ পদক্ষেপ হিচাপে আখ্যা দিয়ে।

    উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা চিকিৎসা পাঠ্যক্ৰমত অ’ বি চি আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণ বৃদ্ধি কৰাৰ বাবে দাবী জনাই অহা হৈছিল।

    ২৬ জুলাইত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিভাগীয় মন্ত্ৰী সকলৰ সৈতে আলোচনাৰ অন্তত চিকিৎসা পাঠ্যক্ৰমৰ স্নাতক আৰু স্নাতকোত্তৰত অ’ বি চি আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

    আৰু পঢ়ক : ৰাজ্যত পুনৰ জঘন্য কাণ্ড! ৫৫ বছৰীয়া ব্যক্তিয়ে দোকানৰ ভিতৰত ধৰ্ষণ কৰিলে শিশুক…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং