19 C
Guwahati
Wednesday, December 1, 2021
More

    স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল- মিছকল দিলেই সহজতেই পাব ভেকচিন

    এতিয়াৰে পৰা গুৱাহাটীৰ শ্বপিং মল , ব্যবসায়িক প্ৰতিষ্ঠানে ওলোমাই ৰাখিব লাগিব ভেকচিন লোৱা প্ৰমাণ পত্ৰ

    স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল- মিছকল দিলেই সহজতেই পাব ভেকচিন

    গুৱাহাটী মহানগৰীৰ শেহতীয়া কোভিড পৰিস্থিতিক লৈ স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন। সংবাদমেলতেই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। মিছকল দিলেই সহজতেই পাব ভেকচিন।

    ৩১ আগষ্টৰ ভিতৰত গুৱাহাটীৰ বাসিন্দাক সম্পূৰ্ণ ভেকচিন লোৱাৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। তেখেতে জনাই যে, ৮৯২৯১ ০৩৭৭৬ (89291 03776) নম্বৰত মিছকল দিলেই পাব ভেকচিন। সেয়ে যি সকলে বৰ্তমানেও ভেকচিন লবলৈ বাকি আছে সেই সকলক মিছকল দিবলৈ অনুৰোধ।

    ৰাজ্যত ক’ভিড ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে যদিও সংক্ৰমণৰ হ্ৰাস কিছু জিলাত হোৱা নাই। সংবাদমেলৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে মহানগৰবাসীক সজাগ হ’বলৈ আহ্বান জনাইছে৷

    সেয়ে শ্বপিং ম’ল, ব্যবসায়িক প্ৰতিষ্ঠান, দোকানৰ কমৰ্চাৰীসকলে ক’ভিড ভেকচিন লোৱা চাৰ্টিফিকেট পিন্ধি নহ’লে আঁৰি থ’ব লাগিব৷ সজাগ নহ’লে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব চৰকাৰ৷

    গুৱাহাটী মহানগৰীত ১৮ বছৰৰ ওপৰৰ ১৫ লাখৰ ভিতৰত ১৪ লাখ ১০ হাজাৰ লোকে ভেকচিন লৈছে বৰ্তমান৷ ১৬৪ গৰাকী সৰ্বাধিক গুৱাহাটীত আক্ৰান্ত হৈছে কোভিডত। ১২০৪ জন BLO ক বিশেষ প্ৰশিক্ষন প্ৰদান কৰা হৈছে বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তদেৱে।

    আৰু পঢ়ক : ‘মা ছফিকুল দাদাই কৰিছে এনে কাম’ কান্দি কান্দি মাকক ধৰ্ষণৰ সমস্ত ঘটনা বিৱৰি কলে ৫ বছৰীয়াই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং