‘ক্ৰণিক ডিচেন্ট্ৰী’ৰ ৰোগীয়ে মছন্দৰী প্ৰত্যেকদিনে খাওকঃ মছন্দৰীৰ উপকাৰিতাসমূহ…

‘ক্ৰণিক ডিচেন্ট্ৰী’ৰ ৰোগীয়ে মছন্দৰী প্ৰত্যেকদিনে খাওক।

0
40106

মছন্দৰীৰ অসমীয়া সমাজৰ এক প্ৰচলিত শাক।
গ্ৰাম্যাঞ্চলত মছন্দৰী শাক প্ৰত্যেকঘৰৰ লোকৰ বাৰীত পোৱা যায়।
মছন্দৰীৰ গোন্ধটো অকটা যদিও বিভিন্ন ৰোগৰ প্ৰাথমিক ঔষধ হিচাপে মছন্দৰীক ব্যৱহাৰ কৰা হয়।
মছন্দৰীৰ পাত পাতত দি, কেঁচাই পিচি, মাছৰ লগত জোল কৰি খাব পাৰি।

মছন্দৰীৰ উপকাৰিতাসমূহঃ
অতিসাৰ আৰু গ্ৰহণী ৰোগত মছন্দৰী পাত আংশিকভাৱে সিজাই খুওৱা হয়।
মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।
মছন্দৰীৰ পাত নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।
পেটৰ কামোৰণি আদিকে ধৰি পেটৰ বিভিন্ন বেমাৰৰ বাবে মছন্দৰী অতি উত্তম।
জালুক আৰু পিপলিৰ চূৰ্ণৰ লগত সামান্য নিমখ মিহলাই মছন্দৰীৰ ৰস পান কৰিলে শ্বাস কষ্ট দূৰ হয়।
মছন্দৰীৰ পাতে ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ নিৰাময় কৰে।
‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে মছন্দৰীৰ পাত নিয়মিয়াকৈ গ্ৰহণ কৰক।