মায়ঙত চাঞ্চল্যকৰ ঘটনা ! মুণ্ডহীন অচিনাক্ত মৃতদেহ উদ্ধাৰ

0
199

মায়ঙত চাঞ্চল্যকৰ ঘটনা ! মুণ্ডহীন অচিনাক্ত মৃতদেহ উদ্ধাৰ

মায়ংৰ হিলৈখুন্দাত এটা মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছে |
ডিঙি কাটা অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ।

জানিব পৰা মতে যুৱকজনৰ মৃতদেহ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে ।

যুৱকজনৰ মৃতদেহটো পলিথিনেৰে মেৰিয়াই মাটিত পুতি থোৱা আছিলে ।

ঘটনাৰ খবৰ পোৱা লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় |

ঘটনাক কেন্দ্ৰ কৰি এতিয়া মায়ঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে ঘটনা সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

কিন্তু বৰ্তমান লৈকে মৃত যুৱকজনক চিনাক্ত কৰিব পৰা নাই |