শ্মশানত উদযাপন কৰিলে ৫৪ বছৰীয়া ওপজা দিন, ১০০ জনতকৈ অধিক অতিথিয়ে কৰিলে অংশগ্ৰহণ

0
365

শ্মশানত উদযাপন কৰিলে ৫৪ বছৰীয়া ওপজা দিন, ১০০ জনতকৈ অধিক অতিথিয়ে কৰিলে অংশগ্ৰহণ

ওপজা দিনটো সকলোৰে বাবে এক অতি বিশেষ দিন। সকলো লোকেই নিজৰ জন্মদিটো ভালদৰে পালন কৰিবলৈ বহু পৰিকল্পনা। থানেৰ গৌতম ৰত্ন মৰে তেওঁৰ বিশেষ দিনটোত এনে প্ৰস্তুতি চলাইছিল যে যিকোনো ব্যক্তিয়েই আচৰিত হৈ পৰিব।

গৌতমে জন্মদিন উদযাপন কৰিলে শ্মশান এখনত। ১৯ নৱেম্বৰত ৫৪ বছৰ সম্পূৰ্ণ কৰি শনিবাৰে নিশা শ্মশান এখনত জন্মদিন উদযাপনৰ বাবে পাৰ্টিৰ আয়োজন কৰে। এই পাৰ্টিত অতিথিসকলক দিয়া হৈছিল বিৰিয়ানী আৰু কেক।

এই পাৰ্টিৰ ভিডিঅ’টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। ২৩ নৱেম্বৰত এই পাৰ্টিৰ ভিডিঅ’ পোহৰলৈ আহে। ইয়াত মানুহে আনন্দৰে উদযাপন কৰা আৰু পাৰ্টি উপভোগ কৰা দেখা যায়।

আচলতে তেওঁৰ উদ্দেশ্য আছিল সমাজত অন্ধবিশ্বাস আতৰ কৰাৰ বিৰুদ্ধে বাৰ্তা দিয়া। এই কাৰণেই তেওঁ শ্মশানত জন্মদিন পালন কৰাৰ কথা ভাবিছিল।

এই উপলক্ষে উপস্থিত থকা সংবাদ মাধ্যমে তেওঁৰ সৈতে কথা পতাত তেওঁ এই কাম কৰাৰ প্ৰেৰণা সুপৰিচিত সমাজকৰ্মী প্ৰয়াত সিন্ধুতাই সাপকল আৰু প্ৰয়াত নৰেন্দ্ৰ ডাভোলকাৰৰ পৰা পোৱা বুলি কয়। তেওঁ ক’লা যাদু আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।

তেওঁ লগতে কয় যে তেওঁ এই বাৰ্তাও ৰাইজক দিব বিচাৰিছিল যে ভূত প্ৰেত বুলি একো নাই। গৌতমে জনোৱা মতে, তেওঁৰ জন্মদিন উদযাপনত ৪০ গৰাকী মহিলা আৰু শিশুকে ধৰি ১০০ জনতকৈ অধিক অতিথিয়ে অংশগ্ৰহণ কৰে।