ঘৰৰ চোতালত শিশুসহ বৃদ্ধাই উত্তোলন কৰিলে পতাকা ! ভাইৰেল হ’ল হৃদয়স্পৰ্শী ভিডিঅ’

0
127

ঘৰৰ চোতালত শিশুসহ বৃদ্ধাই উত্তোলন কৰিলে পতাকা ! ভাইৰেল হ’ল হৃদয়স্পৰ্শী ভিডিঅ’

আজি সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে,সকলো লোকেই তেওঁলোকৰ নিজৰ ধৰণে শুভেচ্ছা জনাইছে। বহুলোকৰ ভিডিঅ’ পোষ্টসামাজিক মাধ্যমতো দেখা গৈছে।সামাজিক মাধ্যমত ভিডিঅ’এটা ভিডিঅ ভাইৰেল হৈছে সেই ভিডিঅ’টোৱে সকলোৰে হৃদয় স্পৰ্শ কৰিছে।

ভিডিঅ’টো চোৱাৰ পিছত, আপুনি এজন ভাৰতীয় হিচাপে গৌৰৱান্বিত অনুভৱ কৰিব। ভিডিঅ’টো সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোত দেখা গৈছে যে কেইটামান শিশুক এগৰাকী বৃদ্ধ মহিলাৰ সৈতে থিয় হৈ থকা দেখা গৈছে।

বৃদ্ধাগৰাকীয়ে শিশু কেইটাৰ সৈতে পতাকা উত্তোলন কৰি আছে।তেওঁলোকে তাকা উত্তোলন কৰি ভাৰত মাতা কী জয় শ্লোগান দিছে।মহিলা গৰাকীয়ে তেওঁলোকৰ ঘৰৰ চোতালতে খুব সাধাৰণ ভাৱে পতাকা উত্তোলন কৰে।

ভিডিঅ’টোত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে শিশুসকলৰ মাজত যথেষ্ট উৎসাহ আছে। এই ভিডিঅ’টো ক’ৰ পৰা আহিছে সেইটো নিশ্চিত কৰিব নোৱাৰি।এই ভিডিঅ’টো এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে।