24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ঘৰৰ ওচৰতে লুংলুঙীয়া বাটত ডিঙি ৰেপি হত্যা যুৱকক

    হাটশিঙিমাৰীত দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰিলে যুৱক এজনক। ঘৰৰ ওচৰতে লুংলুঙীয়া বাটতে ডিঙি ৰেপি হত্যা। যুৱকজন শ্বেখ ফৰিদ আব্দুলা (৪৩) বুলি চিনাক্তকৰণ।

    দুৰ্বৃত্তই যুৱক জনৰ ডিঙি ৰেপি হত্যা কৰি ঘৰৰ ওচৰত ৰাস্তাত পেলাই থৈ যায়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে।

    দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ফুলেৰচৰ গাওঁত সংঘটিত হৈছে এই হত্যা কাণ্ড।

    ঘটনাস্থলীত উপস্থিত হয় দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী লগতে উপস্থিত হয় মানকাচৰৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল।

    খাৰুৱাবান্ধা আৰক্ষীয়ে মৃত্যু দেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

    Photo Credit: @dilwarhussain

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং