29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ঘাঁহ খাই থকা ছাগলী আনিবলৈ যাঁওতেই দুই ভাই-ভনীক ডিঙি ৰেপি হত্যা

    দুই ককায়েক-ভনীয়েকক ডিঙি ৰেপি হত্যা, জ্বলাই দিলে অভিযুক্তৰ বাসগৃহ

    দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ বেৰাভাঙ্গা গাঁৱত আজি বিয়লি প্ৰায় ২.৩০ বজাত এটা পৰিয়ালৰ দুটি কিশোৰ সন্তানক নিৰ্মম ভাবে হত্যা কৰাৰ ঘটনাক লৈ গাঁও খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

    ইয়াৰ পিছত উত্তেজিত ৰাইজে অভিযুক্তৰ ঘৰত আক্ৰমণ কৰি এখন মটৰ চাইকেল জ্বলাই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    জানিব পৰা‌ মতে সুখচৰ থানা এলেকাৰ বেৰাভাঙ্গা গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিম পাৰে থকা চৰ এখনত আলিউল ইছলাম আৰু ইনামূল হুছেইন নামৰ লোক দুজনৰ দুটা পৰিয়াল বসবাস কৰে। আজি পুৱাৰ ভাগত ইনামূল হুছেইনৰ ছাগলী এটা আলিউল ইছলামৰ খেতিত ঘাঁহ খাবলৈ‌ যায়।

    এনে পৰিস্থিতিৰ মাজত আলিউল ছাগলী খেদি দিবলৈ ধৰাত ইনামূলৰ কণমানি দুই জীয়েক-পুতেক ক্ৰমে নাজমুল কৰিম (৮) আৰু উম্মে কুলছুম (৯) ছাগলী আনিবলৈ যায়। তেনে সময়ত শিশু দুটিক আলিউল প্ৰহাৰ কৰাৰ লগতে ডিঙিত ৰেপি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

    ফলত জীয়েক জনী পথাৰৰ মাজত থকা কহুৱা খেতিত পলায়ন কৰাত নাজমুলক হত্যা কৰে। এই ঘটনা জীয়েক উম্মে দেখাৰ পাছত কহুৱা খেতিৰ মাজৰ পৰা উম্মে কুলছুমক ধৰি একেদৰে হত্যা কৰে।

    দুয়োকে হত্যা কৰি ব্ৰহ্মপুত্ৰ নদীৰ মাজত পেলাই দিবলৈ ধৰে। কিন্তু ঘটনাটো ইনামূলৰ পৰিয়ালে দেখা পোৱাৰ পাছতেই আলিউল, তেওঁৰ লগত থকা তেওঁৰ পত্নী আনজুৱাৰা আৰু ভাতৃ ছাইদূৰ ইছলাম পলায়ন কৰে।

    ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ ব্ৰহ্মপুত্ৰ নদীৰ আন পাৰে থকা সুখচৰ আৰক্ষীৰ নাও চালক ৰাকিবুল ইছলামৰ ঘৰত আশ্ৰয় লয়। এই ঘটনা স্থানীয় ৰাইজে দেখি দৌৰি তিনিও জনক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে যদিও ৰাইজৰ উত্তেজনা দেখি তিনিও অভিযুক্ত পলায়ন কৰে।

    ইফালে উত্তেজিত ৰাইজে ৰাকিবুল ইছলামৰ ঘৰত উপস্থিত হৈ এখন মটৰ চাইকেলত অগ্নি সংযোগ কৰি দিয়ে। লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়্ন্ত্ৰনলৈ আনে।

    ইফালে বিয়লি প্ৰায় ৬ বজাত নদীৰ সিপাৰে যন্ত্ৰ চালিত নাও যোগে মৃত্যুদেহৰ কাষত উপস্থিত হয় জিলা সহকাৰী আৰক্ষী অধীক্ষক , সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুদীপ চৌধুৰী উপস্থিত হৈ মৃত্যুদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা হাতত লৈছে।

    মন কৰিবলগীয়া যে ৰাকিবুল ইছলাম সুখচৰ আৰক্ষীৰ নাও চালক হোৱা বাবে আৰক্ষীয়ে অভিযুক্তৰ পক্ষপাতী লোৱা বুলি ভুক্তভুগি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।ঘটনাক লৈ সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনে কয় যে ঘটনাৰ তদন্ত অব্যাহত আছে। অৱশ্যে এয়া হত্যা নে আন কিবা ৰহস্য আছে সেয়া আৰক্ষীয়ে এতিয়ালৈ নিশ্চিত হোৱা নাই বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

    ইনপুট; দিলোৱাৰ হুচেইন।

    আৰু পঢ়ক : সম্পাপ্তি ঘটিল বছৰটোৰ প্ৰথমটো সূৰ্য গ্ৰহণ, ৫ ঘণ্টা ধৰি চলা এই গ্ৰহণৰ কেইখনমান বিৰল ফটো চাওক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং