24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এটা চৰকাৰী কাৰ্যালয়: নাই কৰ্মচাৰী ,আছে দুটা গৰু

    ফটোখন দেখি আপোনাৰ মনলৈ বাৰু কি ভাৱ আহিছে ? ভূল নুবুজিব! এইটো ভূত বাংলা যেন লগা এটি চৰকাৰী কাৰ্যালয় । য’ত কৰ্মচাৰী নহয় আছে মাথো দুটা গৰু ।

    এখন চৰকাৰী কাৰ্যালয় ,য’ত কৰ্মচাৰী নাই আছে দুটা গৰু । চৰকাৰী কাৰ্যালয়ৰ এনে অৱস্থা দেখিবলৈ পাব হাটশিঙিমাৰীৰ কাঠালবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ।

    দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত কাঠালবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ত বৰ্তমান এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যেন মানুহৰ বাবে নহয় গৰু ছাগলীৰ বাবে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো ।

    অভিযোগ অনুসৰি কাৰ্যালয়টোৰ সচিব হাজি ৰহমানে ১ মাহত ১ দিন ও নাহে কাৰ্যালয়লৈ । যাৰ বাবে বেছিভাগ সময়েই বন্ধ হৈ থকা কাৰ্যলয়টো গোহালীৰ লেখীয়া হৈ পৰিছে ।

    ইপিনে কাৰ্যালয়টোত সচিব গৰাকী উপস্থিত নথকাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে গাঁওৱাসী ।

    Photo credit : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং