22 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ফৰিদ হত্যাকাণ্ডৰ বৃহৎ খোলোচা, আৰক্ষীয়ে সংবাদ মেলৰ আয়োজন কৰি জনালে সকলো

    হাটশিঙিমাৰীৰ শ্বেখ ফৰিদ আব্দুলা (৪৩)  হত্যাকাণ্ডৰ বৃহৎ খোলোচা, আৰক্ষীয়ে সংবাদ মেলৰ আয়োজন কৰি জনালে সকলো। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওঝাই এই সংবাদ মেলাৰ আয়োজন কৰে।

    শেখ ফৰিদ নামৰ ঠিকাদাৰ জনক ঘৰৰ ওচৰতে লুংলুঙীয়া বাটতে ডিঙি ৰেপি হত্যা কৰা হৈছিল। পিছে কোনো দুৰ্বৃত্তই নহয় কন্যা আৰু পত্নীয়েই মিলি হত্যা কৰিছিল ফৰিদক।

    এই ঘটনাৰ আৰম্ভণিতে ওলাইছিল কোনো দুৰ্বৃত্তই হত্যা কৰাৰ কথা, তাৰ পিছত ওলাল এগৰাকী কনিষ্ঠ অভিযন্তাই তেখেতৰ পত্নীৰ লগত সম্বন্ধ থকাৰ সন্দেহত হত্যা কৰি বুলিষ পিছে এই সকলো সন্দেহ আতৰাই ফাদিল হল সত্য।

    ঘটনাৰ আৰম্ভণি-ঘৰৰ ওচৰতে লুংলুঙীয়া বাটত ডিঙি ৰেপি হত্যা যুৱকক

    ঘটনা সংক্ৰান্তত আৰক্ষীয়ে জনোৱা অনুসৰি ২৮ অক্টোবৰৰ নিশা প্ৰায় ১১ বজাত ফৰিদৰ জীয়েক ৰুকশানা পাৰভিনে পিতৃক ORSৰ লগত নিচা জাতীয় দ্ৰব্য খুৱাই অচেতন কৰিছিল।

    ইয়াৰ পাছত পত্নী আছমা খাতুন ৰচিৰে হাত ভৰি বান্ধিছিল আৰু তাৰ পাছত পত্নীয়ে ৰচিৰে ডিঙি ৰেপি হত্যা কৰিছিল। হত্যাৰ পাছত জীয়েকৰ প্ৰেমিক সহ আন এজন যুৱকৰ সহযোগত মৃতদেহ ঘৰৰ পিছফালে থৈ আহিছিল।

    আৰক্ষীয়ে ইতিমধ্যে পত্নী আছমা খাতুন, জীয়েক ৰুকশান পাৰভিন, পুত্ৰ জুৱেৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। হত্যাত সহায়কাৰী দুই হত্যাকাৰী আনহাতে পলাতক অৱস্থাত আছে।

    ঘটনাক লৈ আৰক্ষীয়ে গড়কপ্তানী বিভাগৰ কণিষ্ঠ অভিযন্তা জয়নাল আবেদিন, তেওঁৰ পত্নী জেছমীন খাতুন, পুত্ৰ জুৱেৰকো গ্ৰেপ্তাৰ কৰিছে।

    লগতে মোস্তাফা আহমেদ নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

    ঘটনাৰ দ্বিতীয় মোৰ-ফৰিদ হত্যাকাণ্ডৰ নতুন মোৰঃ অভিযন্তাৰ পত্নীৰ লগত সম্বন্ধ থকাৰ সন্দেহত হত্যা ফৰিদক

    লগতে আৰক্ষীয়ে ইয়াকো জনাই যে, কনিষ্ঠ অভিযন্তা জনৰ পত্নী জেছমীনৰ লগত হত্যাৰ বলি হোৱা শেখ ফৰিদৰ লগত অবৈধ সম্পৰ্ক আছিল।

    সেই অবৈধ সম্পৰ্কৰ বাবেই ফৰিদে নিজৰ পৰিয়ালক চিলিণ্ডাৰত অগ্নি সংযোগ কৰি হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। পৰিয়ালৰ লোকে ঘটনাৰ উমান পাই এইদৰে পত্নীয়ে আৰু জীয়েৰীয়ে পিতৃক হত্যা কৰে।

    Photo Credit: @dilwarhussain

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং