হাতীগাঁৱৰ দুই শিশুৰ সন্ধানহীন ঘটনাৰ নতুন মোৰ; শাৰিৰীক নিৰ্যাতনৰ অভিযোগ পিতৃৰ বিৰুদ্ধে

0
162
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ পৰা এটা পৰিয়ালৰে দুই বায়েক-ভায়েক সন্ধানহীন হোৱা ঘটনাটোৱে লৈছে নতুন মোৰ। পিতৃৰ অপহৰণৰ সকলো অভিযোগ নস্যাৎ কৰি সন্ধানহীন হোৱা কন্যা শিশুটিৱে পিতৃৰ বিৰুদ্ধেহে শাৰিৰীক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।

কন্যা শিশুটিৱে এক ভিডিঅ’ৰ জৰিয়তে অভিযোগ কৰে যে তেওঁৰ পিতৃয়ে তেওঁলোকক নানান ধৰণৰ অত্যাচাৰ চলাই আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈয়ে তেওঁলোকে জানি বুজি ঘৰৰ পৰা পলাই আহিছিল।

শুকুৰবাৰে সন্ধানহীন হোৱা শিশু দুটিক আজি ৰাতিপুৱা বিহাৰৰ কিষাণগঞ্জ ৰেইলৱে ষ্টেশ্যনত দেখা পোৱা গৈছিল।

তেওঁলোকৰ সন্ধান পোৱাৰ পূৰ্বে শিশু দুটিৰ পিতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দিছিল যে তেওঁলোকৰ মাতৃৰ কোনো আত্মীয়ই শিশু দুটিক গুৱাহাটীৰ পৰা লৈ গৈছে।

জানিব পৰা মতে, শিশু দুটিৰ মাতৃ বৰ্তমান পৃথকে থাকে।

শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে ভিডিঅ’ৰ জৰিয়তে কয়, ‘মোৰ দেউতা আৰু পৰিয়ালৰ সকলো সদস্যই আমাক মাৰ-ধৰ আৰু অত্যাচাৰ কৰে বাবেই মই আৰু মোৰ ভাতৃ তাৰ পৰা পলাই আহিছো। আনকি আমাক আমাৰ মাকো লগ কৰিবলৈ অনুমতি নিদিয়ে আৰু সেয়ে আমি পলাইছিলো’।

উল্লেখ্য যে শিশুদুটিৰ পিতৃয়ে দাবী কৰিছিল যে তেওঁৰ পত্নীয়ে এজন বেলেগ ব্যক্তিৰ সৈতে পৃথকে বাস কৰি আছে আৰু সম্ভৱতঃ তেওঁলোকেই তেওঁলোকক অপহৰণ কৰিব পাৰে।

ইফালে জানিব পৰা মতে মহানগৰ আৰক্ষীৰ এটা দলে শিশু দুটিক উদ্ধাৰ কৰিবলৈ কিষাণগঞ্জলৈ ৰাওনা হৈছে।