দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কুকুৰমাৰাত আজি শিল ভৰ্তি এখন ট্ৰাক দুর্ঘটনাগ্ৰস্ত হৈ চালক সহ দুজন লোক আহত হয়।
উল্লেখযোগ্য যে ভাৰত বাংলাদেশ সীমান্তবৰ্তী হাটশিঙিমাৰী-মানকাচৰ পথৰ কুকুৰমাৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয়।
প্ৰাপ্ত বাতৰি মতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আছামকাটা হৈ মানকাচৰ অভিমুখে গৈ থকা এম এইচ ১২ এল টি ০৭২৩ নম্বৰৰ শিল ভৰ্তি ট্ৰাক গাড়ী খনৰ চলাক নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে ট্ৰাক খন দুর্ঘটনাগ্ৰস্ত হয়।
ফলত গাড়ী খনৰ চালক সহ হেণ্ডিমেন জন আহত হয়। আহত দুয়োকে মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।
আৰু পঢ়ক : গায়ক বিপিন চাওদাঙক বৰ্জন সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ