বিজ্ঞান, অসমীয়াৰ পিছত এইবাৰ ভূগোল বিষয় ! আকৌ ফাদিল হ’ল নেকি মেট্ৰিকৰ প্ৰশ্নকাকত ?

0
1

বিজ্ঞান, অসমীয়াৰ পিছত এইবাৰ ভূগোল বিষয় ! আকৌ ফাদিল হ’ল নেকি মেট্ৰিকৰ প্ৰশ্নকাকত

এটাৰ পিছত আন এটা কলংক সানিছে ছেবাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান, অসমীয়াৰ পিছত ফাদিল হ’ল ভূগোলৰ বিষয়ৰ প্রশ্নকাকত। ২০ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া আছিল ভূগোল বিষয়ৰ পৰীক্ষা। কিন্তু তাৰ পূৰ্বেই হোৱাটছএপত বিয়পি পৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ প্রশ্নকাকত ।

প্ৰশ্নকাকতৰ কেইবাটাও পেজ এতিয়া হোৱাটছএপে হোৱাটছএপে বিয়পি পৰিছে। কিন্তু বৰ্তমান লৈকে ছেবাৰ ফালৰ পৰা কোনো বিবৃত্তি দিয়া নাই। ইখনৰ পিছত সিখন প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এতিয়া হতাশ হৈ পৰিছে সকলো ।

শুকুৰবাৰৰ নিশাৰ পৰাই হোৱাটছএপত ভাইৰেল হৈ আছে ভূগোল বিষয়ৰ এখন প্ৰশ্নকাকত। কিন্তু এই প্ৰশ্নকাকত খন সঁচা নে ভুৱা সেয়া ছেবাই তথ্য প্ৰকাশ কৰিলে হে গম পোৱা যাব।