কৃষক কন্যাসকলৰ শিক্ষা আৰু কল্যাণৰ বাবে ৰাজ্যসভাৰ দৰমহা ব্যয় কৰিব হৰভজন সিঙে

0
323
কৃষক কন্যাসকলৰ শিক্ষা আৰু কল্যাণৰ বাবে ৰাজ্যসভাৰ দৰমহা ব্যয় কৰিব হৰভজন সিঙে

শেহতীয়াকৈ ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা হৰভজন সিঙে শনিবাৰে ঘোষণা কৰিছিল যে তেওঁ কৃষক কন্যাসকলৰ শিক্ষা আৰু কল্যাণৰ বাবে ৰাজ্যসভাৰ দৰমহা ব্যয় কৰিব।

ইয়াৰ উপৰি তেওঁ কয় যে ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ “দেশৰ উন্নতিৰ” বাবে সকলো সম্ভৱ প্ৰয়াস কৰিব।

হৰভজন সিঙে কিছু দিন পূ্ৰ্বে পঞ্জাৱৰ আম আদমী পাৰ্টিত যোগদান কৰিছিল, যাৰ পিছত দলটোৱে তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে মনোনীত কৰিছিল।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে শনিবাৰে টুইট কৰি কয়, ‘ৰাজ্যসভাৰ সদস্য হিচাপে মই কৃষকসকলৰ কন্যাসকলৰ শিক্ষা আৰু সামাজিক কামৰ বাবে ৰাজ্যসভাৰ দৰমহা দিব বিচাৰো। মই মোৰ দেশৰ উন্নয়নত অৰিহণা যোগাব বিচাৰো আৰু মই যিমান পাৰো সেয়া কৰিম’।

শেহতীয়াকৈ হৰভজন সিঙে আম আদমী পাৰ্টিৰ হৈ পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছিল।

আম আদমী পাৰ্টীয়ে ৰাজ্যসভা নিৰ্বাচনত হৰভজন সিং, দলৰ নেতা ৰাঘৱ চাধা, লাভলী প্ৰফেশ্যনেল ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক অশোক মিত্তাল, আই আই টি দিল্লীৰ অধ্যাপক সন্দীপ পাঠক আৰু উদ্যোগপতি সঞ্জীৱ অৰোৰাক মনোনীত কৰিছিল।

সকলো প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে, দলটোৱে পঞ্জাৱৰ ১১৭ খন বিধানসভা আসনৰ ভিতৰত ৯২ খন আসনত জয়ী হৈ ক্লিন চুইপ কৰিছিল।

আৰু পঢ়ক : বান্দৰৰ গৰ্ভৰ মৃত আৱদ্ধ সন্তানক বাহিৰ উলিয়ালে আৰক্ষীয়ে, ভিডিঅ’ ভাইৰেল, আৰক্ষীক চেল্যুট হাজাৰজনৰ