28 C
Guwahati
Sunday, October 2, 2022
More

    আজিৰে পৰা আৰম্ভ ‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচী, কৰবাত যদি বাহনে বাহনে, কৰবাত ঘৰে ঘৰে, কৰবাত নৌকাতো জাতীয় পতাকাৰ সমাহাৰ

    আজিৰে পৰা আৰম্ভ ‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচী, কৰবাত যদি বাহনে বাহনে, কৰবাত ঘৰে ঘৰে,কৰবাত আকৌ নৌকাবোৰতো জাতীয় পতাকাৰ সমাহাৰ

    কেন্দ্ৰীয় চৰকাৰৰ আহ্বান ক্ৰমে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজিৰে পৰা ‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচী আৰম্ভ হৈছে। তিনিদিনিয়াকৈ অনুষ্ঠিত হব এই ‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচী।

    যি উদ্দেশ্যে আজিৰে পৰা দেশৰ লগতে অসমতো বিভিন্ন প্ৰান্তে প্ৰান্তে মানুহৰ ঘৰে ঘৰে , দোকানে-পোহাৰে দেখিবলৈ পোৱা গৈছে জাতীয় পতাকা।

    তাৰেই মাজতে ৰাজপথতো বহুতো বাহন আদিতো দেখিবলৈ পোৱা গৈছে ত্ৰিৰংগ। বাছেই হওক বা ৰিক্সাই, ট্ৰাকেই হওক বা ব্য়ক্তিগত বাহন তথা চাইকেল, ই-ৰিক্সা আদি…বতাহত উৰি আছে পতাকা।

    ধুবুৰীতো ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ৭৫ খন নাও জাতীয় পতাকাৰে সজাই পৰাই এক নৌকা সমদল উলিয়াইছে।

    শিৱসাগৰত ই-ৰিক্সা সন্থাই জাতীয় পতাকা উৰুৱাই লৈ সমদল উলিয়াইছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং