26 C
Guwahati
Wednesday, September 28, 2022
More

    হৰ ঘৰ ত্ৰিৰংগা : অসমত ৫৩ লাখ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী

    বৰপেটাৰোড গোৱৰ্ধনা আৰু চকচকা মণ্ডল বিজেপিৰ উদ্যোগত আৰু বিজেপিৰ যুৱ মৰ্চাৰ বৰপেটা জিলা সমিতিৰ সহযোগত আজি অনুষ্ঠিত বাইক ৰেলীত অংশ লয় মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে৷

    মন্ত্ৰী গৰাকীয়ে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক লৈ সমগ্ৰ অসমতে তোলপাৰ লাগিছে বুলি উল্লেখ কৰে।

    বাইক ৰেলীত অংশ লৈ তেওঁ কয়, ‘যুৱ মৰ্চাৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে সমগ্ৰ অসমতে বাইক ৰেলী কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। স্বাধীনতা দিৱস উপলক্ষ্যে ৰাইজৰ মাজত জাগৰণ সৃষ্টি হৈছে’।

    এই মূহুৰ্তলৈকে অসমত ৫৩ লাখ ত্ৰিৰংগা বিক্ৰী হোৱাত মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীক ধন্যবাদ জনায়।

    অসম সমবায় সমিতি আৰু আত্মসহায়ক গোটৰ জৰিয়তে ৫৩ লাখ ত্ৰিৰংগা বিক্ৰী হোৱাৰ কথা দোহাৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।

    সাংস্কৃতিক প্ৰকল্পৰ জৰিয়তে ৪৩ হাজাৰ সূলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেহাই মূল্যত আৰু ২০ লাখ ত্ৰিৰংগা ইতিমধ্যে বিক্ৰী হৈছে বুলিও কয়।

    অসমত বৰ্তমান ৬৫ লাখ পৰিয়াল আছে। ইয়াৰ ভিতৰত ৫৩ লাখ ত্ৰিৰংগা বিক্ৰী হৈছে। বাকী ১০ লাখ পৰিয়ালে এইকেইদিনত ক্ৰয় কৰিব আৰু ঘৰে ঘৰে লগাব বুলিও কয় মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং