26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ফুৰিবলৈ বুলি ওলাই যোৱা দুই কিশোৰী ভগ্নিৰ অৰ্ধ উলংগ অৱস্থাত নিথৰ মৃতদেহ উদ্ধাৰ

    ফুৰিবলৈ বুলি ওলাই যোৱা দুই কিশোৰী ভগ্নিৰ অৰ্ধ উলংগ অৱস্থাত নিথৰ মৃতদেহ উদ্ধাৰ

    ফুৰিবলৈ বুলি ওলাই যোৱা দুই কিশোৰী ভগ্নিৰ অৰ্ধ উলংগ অৱস্থাত নিথৰ মৃতদেহ উদ্ধাৰ। ধুবুৰী জিলাৰ চাপৰৰ শালকোছাত সংঘটিত হৈছে ঘটনা। অৱশ্যে ঘটনা সন্দৰ্ভত কোনো ধৰণৰ তথ্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই। কিন্তু মতদেহলৈ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে এয়া ধৰ্ষণৰ ঘটনা বুলি অবিহিত কৰিছে।

    চাপৰৰ শালকোছাৰ আৰক্ষী চকীৰ মাত্ৰ এশ মিটাৰ মান দূৰত্বতে উদ্ধাৰ দুই ভগ্নীৰ অৰ্দ্ধ উলঙ্গ মৃতদেহ। ঘটনাস্থলীত উপস্থিত ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা।

    শালকোছাৰ কুমলী গাঁৱৰ ৰেল লাইনৰ কাষৰ দ খাৱৈ এটাত উদ্ধাৰ দুয়ো ভগ্নিৰ মৃতদেহ। মৃত ছাত্রী দুজনী ক্ৰমে ১২ বছৰীয়া আৰু আনগৰাকী ১০ বছৰীয়া বুলি জানিব পৰা গৈছে। দুই ককাই ভাইৰ দুজনী কন্যা আছিল মৃত ছোৱালী দুজনী।

    উল্লেখ্য যে কালি ৯ মে’ তাৰিখৰ ৰাতিপুৱা ১১ বজাৰ পৰাই শালকোচা আৰক্ষী চকীৰ বাংলাৰ পৰা ৰেল লাইনেৰে খোজকাঢ়ি গৈ নিৰুদ্দেশ হৈ আছিল দুয়ো ভগ্নি। আৰু নিশা ৰেল লাইনৰ কাষৰ দ খাৱৈ এটাত ছাত্ৰী দুজনীৰ অৰ্দ্ধ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হয়।

    ইয়াক লৈ শালকোচা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। এতিয়ালৈকে জানিব পৰা হোৱা নাই এয়া হত্যা কাণ্ড নে দুৰ্ঘটনা যদিও ছাত্ৰী দুজনীৰ অৰ্দ্ধ উলংগ মৃতদেহ দেখি এয়া এক ধৰ্ষণ জনিত ঘটনা সংঘটিত হৈছে এই কথা স্থানীয় ৰাইজে সন্দেহ কৰিছে।

    নিশাই শালকোছা আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি শালকোছা আৰক্ষী চকীত ৰাখিছিল, পুৱাহে মৃতদেহ দুটা মৰোণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক গটাই দিয়া হব। মৰণোত্তৰ পৰীক্ষাত হে জানিব পৰা যাব ঘটনাৰ প্ৰকৃত ৰহস্য। ঘটনাস্থীত শালকোচা আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে।

    Input- Nabin Chakraborty and Nur Afrajul

    আৰু পঢ়ক : নিশা পুনৰ ভুমিকম্পৰ জোকাৰণি, এইবাৰো শোণিতপুৰেই আছিল অভিকেন্দ্ৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং