ৰাজীৱ ভৱনৰ দশা, খোদ কংগ্ৰেছ কৰ্মীয়েই লণ্ড ভণ্ড কৰি তলা লগালে ভৱনত

0
9684

ৰাজীৱ ভৱনৰ দশা, খোদ কংগ্ৰেছ কৰ্মীয়েই লণ্ড ভণ্ড কৰি তলা লগালে ভৱনত। পিছে ক’ৰ এই ৰাজীৱ ভৱনটো।

খোদ কংগ্ৰেছ কৰ্মীয়েই লণ্ড ভণ্ড কৰি তলা লগাই বন্ধ কৰি দিলে হাজো সমষ্টিৰ কলিতাকুছিত থকা ৰাজীৱ ভৱন।

কংগ্ৰেছ কৰ্মীয়ে লণ্ড ভণ্ড কৰিছে ৰাজীৱ ভৱনৰ সকলো আজবাব বেনাৰ পোষ্টাৰ হাৰ্ডিঙ। নেতৃত্বৰ সংঘাতৰ পৰিণতিত কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল দুলু আহমেদে।

কিন্তু দুলু অহম্মেদে নিজাববীয়াকৈ সজা ৰাজীৱ ভৱনটো কংগ্ৰেছ কর্মীক দলীয় কাম কাজ কৰাৰ বাবে আগবঢ়াইছিল যদিও কালি হাজো ব্লক কংগ্ৰেছৰ সভাপতি জিতেন্দ্ৰ ভৰালীক পদৰ পৰা অপসাৰণ কৰাৰ পাছত জাঙুৰ খাই উঠিছে কংগ্ৰেছ কৰ্মী সকল।

হাজো মহিলা কংগ্ৰেছৰ সভানেত্ৰী পুতুলি মহন্তইও ইতিমধ্যে দল ত্যাগৰ ঘোষণা কৰিছে।

বহু কংগ্ৰেছ নেতা কৰ্মীয়ে এতিয়া দুলু আহমেদৰ দলত দল ত্যাগ কৰিব। ৰিপুন বৰা ৰকিবুল হুছেইনৰ পুটতলিকা দাহ কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ।

Photo Credit: @mridulpritomdeka