পাচলিৰ জৰিয়তে অসমীয়া মানুহৰ স্বাস্থ্য হানি কৰিবলৈ চৰ অঞ্চলৰ লোকে কৰিছে ভয়ংকৰ পৰিকল্পনা: সুমন হৰিপ্ৰিয়া

লাভ জেহাদৰ জৰিয়তে আমাৰ হিন্দু যুৱতীক টাৰ্গেট কৰা চৰ অঞ্চলৰ লোকে এইবাৰ টাৰ্গেট কৰিছে অসমীয়া মানুহৰ স্বাস্থ্যক

0
75

”অসমৰ চৰ অঞ্চলৰ পৰা আমাৰ মানুহৰ ওপৰত চলিছে ৰাসায়নিক আক্ৰমণ। লাভ জেহাদৰ জৰিয়তে আমাৰ হিন্দু যুৱতীক টাৰ্গেট কৰা চৰ অঞ্চলৰ লোকে এইবাৰ টাৰ্গেট কৰিছে অসমীয়া মানুহৰ স্বাস্থ্যক”-এনেদৰে কয় মহা বিস্ফোৰণ ঘটায় হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।

পৰিকল্পিতভাৱে অত্যধিক ৰাসায়নিক মাৰাত্মক সাৰ দিয়া পাচলি মেলি দিছে বজাৰত আৰু পৰোক্ষভাৱে চৰ অঞ্চলৰ পৰাই এই ভয়ংকৰ পৰিকল্পনা ৰচনা কৰা হৈছে বুলি ক’লে সুমনে।

হাজোৰ বামুন্দীৰ বিনামূলীয়া স্বাস্থ্যৰ এক অনুষ্ঠানত উপস্থিত হৈ কেমেৰাৰ সন্মুখত বিস্ফোৰণ বিধায়িকাগৰাকীৰ। চৰ অঞ্চলত উৎপাদন কৰা পাচলি খোৱা বন্ধ কৰক অন্যথা বিপদ নিশ্চিত বুলিও মন্তব্য কৰে হাজোৰ বিধায়িকাই।

Photo Credit:@mridulpritomdeka