26 C
Guwahati
Thursday, September 16, 2021
More

    হাজোত চাঞ্চল্য! সাহসিকতাৰ পৰিচয় দি অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ

    হাজোত চাঞ্চল্য! সাহসিকতাৰ পৰিচয় দি অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ

    তীৰ্থনগৰী হাজোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণকাণ্ড। ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত হাজোৰ কলিতাকুছিৰ পৰা অপহৰণ এটি ১২বছৰীয়া ছাত্ৰক।

    হাজো শনিয়াদিৰ ব্যৱসায়ী হজৰত আলীৰ পুত্ৰ গোলাম ৰছুলে আনদিনাৰ দৰে ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত কলিতাকুছি চক’ত এখন বগা ৰঙৰ চাৰিচকীয়া বাহনত চাৰি যুৱকে বলপূৰ্বক উঠাই গুৱাহাটী অভিমুখে গতি কৰে।

    তীব্ৰ বেগত গতি কৰা গাড়ীখন কলিতাকুছিৰ পৰা লখাইতৰা নদীৰ মথাউৰিৰে আহি হাজোৰ সুৰেণ দাস কলেজৰ ওচৰৰ এক নিৰ্জন ঠাইত গাড়ীখন ৰখোৱাত ছেগ বুজি অপহৰণকাৰীৰ কবলৰ পৰা পলাবলৈ সক্ষম হয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ জনে।

    এটি লুংলুঙীয়া পথেৰে ওলাই আহি শিশুটিয়ে হাজো-গুৱাহাটী পথৰ আস্থা ক্লিনিকত প্ৰৱেশ কৰি নিজৰ প্ৰাণৰক্ষা কৰে। এই শিহৰণকাৰী অপহৰণকাণ্ডৰ সমগ্ৰ ঘটনা আমাৰ কেমেৰাৰ সন্মুখত বিৱৰি ক’লে কণমাণি ছাত্ৰ গৰাকীয়ে।

    পিছত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ অপহৃত শিশুটিক লৈ আৰম্ভ কৰিছে তদন্ত। অতি শীঘ্ৰেই দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে।

    ইনপুট: মৃদুল প্ৰীতম ডেকা

    আৰু পঢ়ক : মাজুলীক লৈ বহুতে ৰাজনীতি কৰা বুলি কৈছে,মই দুখ পাইছো,মাজুলীৰ ৰাইজ সদায় নমস্য: সৰ্বানন্দ সোণোৱাল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং