22 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দুটাকৈ অপৰাধ মূলক গোচৰ লুকুৱাই কংগ্ৰেছ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন, অভিযোগ বিৰোধীৰ

    দুটাকৈ অপৰাধ মূলক গোচৰ লুকুৱাই কংগ্ৰেছ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন, অভিযোগ বিৰোধীৰ : হাজো সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আনোৱাৰ হুছেইনে মনোনয়ন পত্ৰ দাখিলৰ সময়ত ভুল শপতনামা দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী জয়দীপ তালুকদাৰে।

    জয়দীপ তালুকদাৰে এই অভিযোগ উত্থাপন কৰি কয় যে কংগ্ৰেছ প্ৰাৰ্থী আনোৱাৰ হুছেইনে মনোনয়নৰ শপতনামাত দুটাকৈ অপৰাধ মূলক গোচৰ উল্লেখ কৰা নাই।

    গোচৰ দুটা লুকুৱাই মনোনয়ন দাখিল কৰা কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ মনোনয়ন বাতিলৰ দাবী জনাই তালুকদাৰে।

    কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ এনে কৰ্মৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদ।

    অশিক্ষিত লোকক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে হাজোবাসী আজি লজ্জিত বুলি দুলু আহমেদে মন্তব্য কৰে।

    ইফালে ঘটনা সন্দৰ্ভত মুখ খুলিছে হাজো সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আনোৱাৰ হুছেইনে।

    কংগ্ৰেছ প্ৰাৰ্থী আনোৱাৰ হুছেইনৰ মতে এইয়া অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদৰ ষড়যন্ত্ৰ।

    দুলু আহমেদক পাচলি ব্যৱসায়ী আখ্যা দি কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে আগন্তুক নিৰ্বাচনত তেওঁ বিপুল ভোটত বিজয়ী হ’ব বুলি জানিয়ে বিৰোধী এই ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মন্তব্য কৰে।

    আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত হাজো সমষ্টিৰ ৰিটাৰ্নিং বিষয়া তথা কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়াইছে।

    শপতনামাত ভুল তথ্য সন্নিৱিষ্ট কৰিলেও কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ মনোনয়ন বাতিল নহয় বুলি বিষয়াগৰাকীয়ে কয়।

    ইফালে বিষয়টো সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজে আদালতৰ দ্বাৰস্থ হ’ব পাৰে বুলিও মন্তব্য কৰে হাজো সমষ্টিৰ ৰিটাৰ্নিং বিষয়া তথা কামৰূপ জিলা উপায়ুক্ত গৰাকীয়ে।

    আৰু পঢ়ক : পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুঃ হত্যাৰ সন্দেহ বিশ্বজিতৰ পৰিয়ালৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং