হাইলাকান্দিত লোমহৰ্ষক হত্যাকাণ্ড! ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনা
ভূমি বিবাদক কেন্দ্ৰ কৰি মৃত্যু মুখত পৰে এজন ব্যক্তিক । মৃত ব্যক্তি গৰাকীৰ নাম জামাল উদ্দিন মজুমদাৰ বুলি জানিব পৰা গৈছে। হাইলাকান্দি জিলাৰ মাটিজুৰি এলেকাৰ বড়-হাইলাকান্দি গাওঁত সংঘটিত হৈছে এই ঘটনা।
দীৰ্ঘ দিনৰ পৰা গাওঁখনৰ দুটা পৰিয়ালৰ মাজত এটা পথক কেন্দ্ৰ কৰি বিবাদ চলি আছিল। বিবাদৰ মিমাংসাৰ বাবে ন্যায়ালয়ৰও দ্বাৰস্থ হৈছিল। কিন্তু ন্যায়ালয়ত গোচৰ চলি থকা অবস্থাত আজি এটা পক্ষই পথটো দখল কৰাৰ চেষ্টা চলাওেই সৃষ্টি হয় বিবাদৰ।
জামাল উদ্দিন মজুমদাৰে প্ৰতিবেশী ছেলিম উদ্দিন, ফৰিজ উদ্দিন আৰু সোনাৰ উদ্দিন’ক বাধা প্ৰদান কৰে তাৰ পিছতে তেওঁলোকে জামালক লাঠিৰে আক্ৰমণ কৰে ।
ইয়াৰ পিছতে পিছত পৰিয়ালৰ লোকে জামাল উদ্দিনক হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতাললৈ লৈ অহা অবস্থাতে মৃত্যু হয়। এই ঘটনাৰ ফলত কুতুব উদ্দিন মজুমদাৰ আৰু বিলাল উদ্দিন মজুমদাৰ নামৰ আন দুই ব্যক্তি গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হৈছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল। বৰ্তমান সময়লৈকে এজনো অভিযুক্ত আটক হোৱা নাই।
photo n input: Bidhan Sen
আৰু পঢ়ক : কিশোৰে বল বুলি দলিয়াই দিলে বোমা! সংঘটিত হ’ল বিস্ফোৰণ