29 C
Guwahati
Thursday, October 21, 2021
More

    মই প্ৰথমে মুখ্যমন্ত্ৰী হ’ম, হিমন্তৰ যোগ্যতা তথা ভাগ্যও নাই: হাগ্ৰামা মহিলাৰী

    মই প্ৰথমে মুখ্যমন্ত্ৰী হ’ম, হিমন্তৰ যোগ্যতা তথা ভাগ্যও নাই: হাগ্ৰামা মহিলাৰী

    হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী৷ ঢেকিয়াজুলিৰ বনগাওঁত কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামাৰ কটাক্ষ কৰে হিমন্তক৷

    মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই হিমন্তৰ৷ মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্যও হিমন্তৰ নাই৷ মই প্ৰথমে মুখ্যমন্ত্ৰী হ’ম তাৰ পিছত হিমন্তই সুবিধা পাব৷ম ই থকাত হিমন্ত মুখ্যমন্ত্ৰী হ ব নোৱাৰে৷ বিজেপিত মুখ্যমন্ত্ৰীকলৈ কাজিয়া আছে সেইবাবে বিজেপিৰ পৰা ওলাই আহিছো” এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

    লগতে তেওঁ মহাজোঁটে ১০১টা আসনৰে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে মঙলবাৰে ঢেকিয়াজুলিৰ কংগ্ৰেছ প্ৰাৰ্থী বেনুধৰ নাথৰ হৈ উত্তৰাঞ্চলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷

    উক্ত সভাত হাগ্ৰামাই হিমন্তক তুলাধুনা দিয় কয়-শ্ৰীৰামপুৰ,বক্সিহাটৰ ছিণ্ডিকেটৰ টকা হিমন্তই ভাগ পায়৷ বড়ো জাতিক হিমন্তই ধ্বংস কৰিব বিচাৰিছে৷ লগতে কয়-পদ্ম হাজৰিকা ,অশোক সিংঘাল পৰাস্ত হ’ব৷ অশোক সিংঘাল এজন মাফিয়া হয় বুলি কটাক্ষ কৰে।

    আৰু পঢ়ক : বিজেপি জয়ী হ’লে জালুকবাৰীৰ দৰে জাকত-জিলিকা হ’ব সৰুপথাৰ : হিমন্ত বিশ্ব

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং