প্ৰাৰ্থী নোহোৱাকৈয়ে হাগ্ৰামা মহিলাৰীৰ বিশাল নিৰ্বাচনী সভা, কেইবা সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

0
6714
প্ৰাৰ্থী নহোৱাকৈয়ে হাগ্ৰামা মহিলাৰ বিশাল নিৰ্বাচনী সভা, কেইবা সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

প্ৰাৰ্থী নহোৱাকৈয়ে হাগ্ৰামা মহিলাৰ বিশাল নিৰ্বাচনী সভা, কেইবা সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী অবিহনেই নিৰ্বাচনী প্ৰচাৰত নামিছে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী।

তামুলপুৰৰ বাঙালীপাৰাত অনুষ্ঠিত নিৰ্বাচনী সভাত মহিলাৰীয়ে ৫৮ নং তামুলপুৰ সমষ্টিত নাঙলৰ চিনতেই ভোট দিয়াৰ আহ্বান জনাইছে।

‘তামুলপুৰত প্ৰধানমন্ত্ৰী আহিলেও কোনো ধৰণৰ প্ৰভাব নপৰে। তামুলপুৰৰ ৰাইজে এইবাৰ নাঙলতেই ভোট দিব’, হাগ্ৰামা।

তেওঁ লগতে কয় যে তামুলপুৰত এইবাৰ হাগ্ৰামা মহিলাৰ আছে। বিটিচিত এইবাৰ মহাজোঁটৰ চৰকাৰ হ’বই।

উল্লেখ্যে যে তামুলপুৰৰ বিপিএফৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে বিজেপিত যোগদান কৰাৰ পাছতেই নাঙলৰ চিহ্নক লৈ তামুলপুৰৰ বাঙালীপাৰাত এইদৰে নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে।

বাঙালীপাৰাত হোৱা বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, কৌতুক অভিনেতা বিপুল ৰাভা, শুক্লাই ছেৰফাং সমষ্টিৰ প্ৰাক্তন ই এম গণেশ কছাৰী।

আৰু পঢ়ক : ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত ৪৮ লোক, সেই সময়ত ৰে’লখনত ৪৯০ গৰাকী লোক আছিল