এইবাৰ বিজেপি শেষ, মইহে বিজেপিক জীয়াই ৰাখিছিলো : হাগ্ৰামা মহিলাৰী

0
76
এইবাৰ বিজেপি শেষ, মইহে বিজেপিক জীয়াই ৰাখিছিলো : হাগ্ৰামা মহিলাৰী

এইবাৰ বিজেপি শেষ, মইহে বিজেপিক জীয়াই ৰাখিছিলো : হাগ্ৰামা মহিলাৰী : ‘আজিৰ পৰা আমাৰ শক্তি অধিক বৃদ্ধি হ’ল। কাৰণ বিপিএফ আমাৰ লগত আজিৰ পৰা আনুষ্ঠানিকভাৱে অংশীদাৰ হ’ল’। গুৱাহাটীৰ হোটেল ছিগনেট ইনত অনুষ্ঠিত মহাজোঁটৰ সংবাদমেলত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰিপুন বৰাই।

শনিবাৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত অংশীদাৰ হোৱাৰ কথা ঘোষণা কৰাৰ পিছতেই মহাজোঁটত থকা দল কেইটাৰ নেতৃত্বই আজি যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, ‘পূৰ্বে ৬ টা দল আছিল এতিয়া ৭ টা দল হ’ল। বিজেপি বিৰোধী আন সকলো দলকে আমাৰ সৈতে আহিবলৈ আহ্বান কৰিছো। এতিয়াও আমি দুৱাৰ খোলা ৰাখিছো’।

যোৱা পাঁচবছৰে বিজেপিৰ অন্যতম সহযোগী দল হিচাপে চৰকাৰত থকাৰ পিছত আগন্তুক নিৰ্বাচনত মহাজোঁটৰ অংশীদাৰী হোৱা প্ৰসংগত বিপিএফ প্ৰধান হগ্ৰামা মহিলাৰীয়ে কয়, ‘আগন্তুক নিৰ্বাচন একেলগে খেলিম। এইবাৰ মহাজোঁটত থাকি চৰকাৰ গঠন কৰিম’।

বিজেপিক অসমৰ পৰা বাহিৰ কৰিব লাগিব বুলি মন্তব্য কৰি হাগ্ৰামাই কয়, ‘এইবাৰ বিজেপি শেষ, মই য’ত নাই কেনেকৈ থাকিব। মইহে বিজেপিক জীয়াই ৰাখিছিলো’।

তেওঁ লগতে আগন্তুক নিৰ্বাচনত মহাজোঁটে ৭০খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলিও কয়।

হাগ্ৰামাই লগতে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়, ‘বিজেপিয়ে কেৱল ডাইলগ মাৰি থাকে, ১০০ প্লাছ এনেই কৈ থাকে। হিমন্তৰ দৰে বেলেগৰ পৰা কিডনেপ কৰি আমি চৰকাৰ নবনাও’।

সাংবাদিক সকলকো মহাজোঁটৰ হৈ অধিক প্ৰচাৰ কৰিবলৈ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে।

ইফালে সংবাদমেলত আঞ্চলিক গণ মঞ্চৰ অজিত ভূঞাই হাগ্ৰামাৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে এইবাৰ কোনো কাৰণত বিজেপিয়ে মহাজোঁটৰ আক্ৰমণৰ পৰা ৰক্ষা নাপাব বুলি মন্তব্য কৰে।

ভূঞাই লগতে আজিৰ এই সংবাদ মেলৰ পৰাই পুনৰ এবাৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।

এআইইউডিএফৰ নেতৃত্বইও অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে যদি সঁচাকৈয়ে বিজেপিক পৰাস্ত কৰিব বিচাৰিছে তেন্তে মহাজোঁটৰ অংশ হ’বলৈ আহ্বান জনায়।

ইফালে অহা ৫ মাৰ্চৰ ভিতৰত মহাজোঁটে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলিও আজিৰ এই সংবাদমেলত ঘোষণা কৰে ৰিপুণ বৰাই।

মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰিপুণ বৰাই নিৰ্বাচনৰ পাছত গণতান্ত্ৰিক ভাবে ঘোষণা কৰা হ’ব বুলি কয়।

উল্লেখ্য যে মহাজোঁটৰ অংশ হোৱা দল কেইটা হৈছে প্ৰদেশ কংগ্ৰেছ, আঞ্চলিক গণমৰ্চা, চিপিআই, চিপিআইএম, এআইইউিএফ আৰু বিপিএফ।

আৰু পঢ়ক : বিজেপিক ভোট দিলে ৪০ শতাংশ নিবনুৱা কমাই দিম:অমিত শ্বাহ