জুবিন গাৰ্গ হ’লগৈ মহম্মদ জিহাদ হুছেইন মুন্না; হেকাৰৰ কবলত অসমৰ হাৰ্টথ্ৰৱ

এয়া সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ ষড়যন্ত্ৰ বুলিও সন্দেহ কৰিছে একাংশই

0
152

হেকাৰৰ কবলত পৰিল ৰাইজৰ অতিকৈ মৰমৰ শিল্পী জুবিন গাৰ্গ।অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ কোনো দুষ্টচক্ৰই কৰিছে নিকৃষ্ট কাণ্ড। Googleত জুবিন গাৰ্গৰ নাম সলনি কৰি কোনো দুষ্টচক্ৰই শিল্পীগৰাকীৰ ভাৱমূৰ্তি জনমানসত হেয় কৰাৰ চেষ্টা চলাইছে। Googleত Full name of Zubeen Garg বুলি ছাৰ্চ কৰিলে স্ক্ৰীণত জিলিকি উঠে Md.Jihad Hossain Munna।

জুবিন গাৰ্গৰ নাম মহম্মদ জিহাদ হুছেইন মুন্না বুলি কোনে কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। এই কাৰ্যক সকলোৱে জনাইছে ধিক্কাৰ।এয়া সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ ষড়যন্ত্ৰ বুলিও সন্দেহ কৰিছে একাংশই। হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লৈ কৰা এই নিকৃষ্ট কাণ্ডৰ লগত জড়িত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে প্ৰতিজন সচেতন লোকৰ লগতে শিল্পীজনৰ অনুৰাগীয়ে।

Photo: Time8