
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট হেক হৈছে। কোনো দুষ্টচক্ৰই ৱেবচাইটো হেক কৰাৰ পাছত ৱেবচাইটো ক্লিক কৰিব পৰা নাই কোনেও। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত এতিয়া খোল খাইছে ‘জাপান পৰ্ণ’ নামেৰে এটা ছাইট।

দুষ্টচক্ৰই বিভিন্ন অশ্লীল ভিডিঅ’ আপলোড কৰিছে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত। বিষয়টোক লৈ চিন্তিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ। এই চাইবাৰ ক্ৰাইম কৰাজনক সোনকালেই আৰক্ষীৰ আওতালৈ আনি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে।