ভাৰত-দক্ষিণ আফ্ৰিকা টি-২০ মেচ আৰু দুৰ্গা পূজাক লৈ গুৱাহাটী যান বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

0
603

দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন। পূজাৰ মাজতে ২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ দিনা গুৱাহাটী আৰক্ষীৰ যান-বাহন বিভাগে বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে।

যান-বাহন বিভাগৰ উপ-আয়ুক্তৰ কাৰ্যালয়ে জানিব দিয়া মতে, গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ পুৱা ২ বজালৈ চাৰিচকীয়া আৰু তাৰ ওপৰৰ বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহন চলাচলত বাধা আৰোপ কৰা হ’ব।

গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ১, ৩,৪ আৰু ৫ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা নিশা ১১.৩০ বজালৈ ৬ চকা আৰু তাৰ ওপৰৰ বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহন চলোৱাত বাধা আৰোপ কৰা হ’ব।

সামগ্ৰী কঢ়িয়াই অনা ৩ আৰু ৪ চকীয়া বাহনসমূহ ১, ২,৩,৪ আৰু ৫ অক্টোবৰৰ পুৱা ৪ বজাৰ পৰা ৯ বজালৈহে চহৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব।

ইফালে, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ মেচখনৰ বাবে এ কে আজাদ ৰোড (লখৰা ৰোড) ২ অক্টোবৰৰ দুপৰীয়া ১২ বজাৰ পৰা ৩ অক্টোবৰৰ পুৱা ১ বজালৈ ৱান ৱে হ’ব।

চাইকেল ফেক্টৰীৰ ফালৰ পৰা লখৰা চাৰিআলি অভিমুখে বাহনসমূহ নিয়মিতভাৱে চলি থাকিব। মেচখনৰ দিনা লখৰা কাৰ পাছ নথকা বাহনে লখৰা চাৰিআলিৰ প্ৰৱেশ কৰিব নোৱাৰিব।

ইয়াৰ উপৰি, বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ কাৰ পাছ থকা বাহনৰ বাবে ৱান ৱে হ’ব। স্থানীয় বাসিন্দাসকলৰ বাহিৰে বৰ্ষাপাৰা তিনিআলিৰ পৰা গাড়ী পাছ নথকা বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

ধীৰেনপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম অভিমুখে কোনো ধৰণৰ বাহন প্ৰৱেশ কৰিব নোৱাৰিব।