
গুৱাহাটীৰ নুনমাটিৰ বাপুজীনগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পিতৃক ড্ৰাগছৰ বেজী দি সংজ্ঞাহীন কৰি নিজৰ পুত্ৰই বৃহত পৰিমাণৰ ধন লুটি লৈ যোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
জানিব পৰা মতে, ৩ লাখ ৫ হাজাৰ টকা লুট কৰি ঘৰৰ পৰা পলায়ন কৰিছে পুত্ৰ-বোৱাৰীৰ।
দুদিনৰ পাছত হিতাহিত জ্ঞান ঘূৰাই পাই পিতৃয়ে চৰম পন্থা গ্ৰহণ কৰে।
জানিব পৰা মতে, চিকিৎসাৰ বাবে বেংকৰ পৰা উলিয়াই আনিছিল এই ধনখিনি।
ড্ৰাগছ আসক্ত পুত্ৰ ৰাহুল আলীয়ে সংঘটিত কৰে এই ঘটনা।
ইতিমধ্যে নুনমাটি থানাত পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে মাতৃয়ে দাখিল কৰিছে এজাহাৰ।
এই অভিযোগৰ পিছত পলাতক ৰাহুল আলীক বিচাৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলি জনাইছে আৰক্ষীয়ে।