35 C
Guwahati
Wednesday, October 13, 2021
More

    মহানগৰীত বিশ্বকৰ্মা পূজাৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাকে মহতিয়াই নিলে স্কুটি আৰোহীক, মৃত্যু

    বিশ্বকৰ্মা পূজাৰ দিনাখনেই মহানগৰী বোন্দাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত এজন স্কুটী আৰোহী।

     নিহত যুৱক জন নাৰেংগী কেন্দুগুৰিৰ প্ৰমোদ টিমুং(২৬) বুলি জানিব পৰা গৈছে। নাৰেংগীৰ কেন্দুগুৰিৰ বাসিন্দা প্ৰমোদ  টিমুঙে AS 01 BB 2465 নম্বৰৰ স্কুটী খনত পিতৃক উঠাই চন্দ্ৰপুৰস্থিত পিতৃৰ কাৰ্যালয় লৈ যায়।

    পিতৃক কাৰ্যালয়ত থৈ নাৰেংগী অভিমুখে আহি থকাৰ সময়ত বোন্দাত বিপৰীত দিশৰ পৰা অহা AS 01 DD 2846  নম্বৰৰ ট্ৰাক খনে স্কুটীখনত খুন্দা মাৰে। ফলত স্কুতি আৰোহী প্ৰমোদ টিমুং থিতাতে নিহত হয়।

     ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে। বিশ্বকৰ্মা পূজাৰ দিনাখনেই গাড়ীৰ খুন্দাত যুৱক জনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

    ইনপুট:জয়ন্ত দাস।

    আৰু পঢ়ক : বেংকত গৈছিল বৃদ্ধ পেঞ্চন আহিছে নে চাবলৈ, কিন্তু একাউণ্টত জমা ধনৰাশি দেখি বৃদ্ধ বেংকতে সংজ্ঞাহীন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং