28 C
Guwahati
Wednesday, October 13, 2021
More

    ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুওৱা যোছেফৰ কৃত্ৰিম ভৰি লগোৱাৰ দায়িত্ব ল’লে ৰাজ্য চৰকাৰে

    ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুওৱা যোছেফৰ কৃত্ৰিম ভৰি লগোৱাৰ দায়িত্ব ল’লে ৰাজ্য চৰকাৰে

    বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই গুৱাহাটী মহানগৰীৰ ৰাজপথত সংঘটিত কৰা এক পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

    এই দুৰ্ঘটনাত ৮ জন শ্ৰমিক আহত হৈছিল যদিও যোছেফ মাৰক নামৰ শ্ৰমিকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। যোছেফৰ এখন ভৰি দুৰ্ঘটনা হোৱা স্থানতে চিঙি গৈছিল আৰু আনখন চিকিৎসকে কাটিবলগীয়া হৈছিল।

    বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়তে চিকিৎসাধীন হৈ আছে যোছেফ। শ্ৰমিকজনক সহায় কৰিবলৈ ইতিমধ্যে আগবাঢ়ি আহিছে বহু সংস্থা তথা মানৱদৰদী লোক।

    ইয়াৰ মাজতে যোছেফৰ কৃত্ৰিম ভৰি লগোৱাৰ দায়িত্ব লৈছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে, ৰেইনজড্ৰপ ইনিছিয়েটিভ নামৰ ব্যক্তিগত সংস্থাটোৱেও লৈছিল দায়িত্ব।

    কিন্তু এতিয়া এই দায়িত্ব গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।ইয়াৰ পিছতেই সংস্থাটোৱে জনাই যে ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ তেওঁলোক সন্তুষ্ট। উল্লেখ্য যে, যোছেফক সকলোখিনি সহায় আগবঢ়াইছে সংস্থাটোৱে।

    আৰু পঢ়ক : বোকাখাতত পূৰ্বৰ পৰম্পৰা পৰিহাৰ কৰি ২টা ম’হ এৰি দিলে কাজিৰঙাত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং