কলকাতালৈ গৈ গৰ্গ চেটাৰ্জীৰ শুংসূত্ৰ উলিয়াব নোৱাৰি উভতি আহিল মহানগৰ আৰক্ষী

ওলোটাই আৰক্ষীৰ দলটোকহে ঘেৰাও কৰিলে একাংশ লোকে। ন্যায়িক ব্যৱস্থাৰে পুনৰ কলকাতালৈ যাব মহানগৰ আৰক্ষী আৰু মহানগৰ আয়ুক্ত

0
1164

আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে কটু মন্তব্য কৰা বাঙালী বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ব্যৰ্থ হৈ উভতিল মহানগৰ আৰক্ষী।

কলকাতালৈ গৈ গৰ্গ চেটাৰ্জীৰ শুংসূত্ৰই উলিয়াব নোৱাৰিলে আৰক্ষীয়ে।

কলকাতা আৰক্ষীয়ে সহযোগেই নকৰিলে মহানগৰ আৰক্ষীক।

গৰ্গ চেটাৰ্জীক ঠিকনাত বিচাৰি নাপালে আৰক্ষীয়ে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতো শুংসূত্ৰই উলিয়াব নোৱাৰিলে।

ওলোটাই আৰক্ষীৰ দলটোকহে ঘেৰাও কৰিলে একাংশ লোকে।

ন্যায়িক ব্যৱস্থাৰে পুনৰ কলকাতালৈ যাব মহানগৰ আৰক্ষী আৰু মহানগৰ আয়ুক্ত।

১৯ জুনত বাঙালী বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। https://as.time8.in/sarbananda-sonowal-order-to-police-commissioner-for-garga-chatterjee/

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতে কলকাতালৈ গৈছিল মহানগৰ আৰক্ষী।

উল্লেখ্য যে আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল এই বাঙালী বুদ্ধিজীৱিজনে।

আহোমসকল হৈছে চাইনীজ। স্বৰ্গদেউ চাওলুং চ্যুকাফা চীনা আক্ৰমণকাৰী।


অসমৰ মুখ্যমন্ত্ৰীয়ে চীনা আক্ৰমণকাৰীৰ নামত অসম দিৱস উদযাপন কিয় কৰিব লাগে?’- এই মন্তব্য কৰিছিল বিতৰ্কিত বাঙালী বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীয়ে।

নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে যুক্তি দিয়াৰ নামত অসমীয়াক লৈ কটু মন্তব্য কৰা এইজন বাঙালী নেতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সকলো।

অসম আক্ৰমণৰ বাবেহে ছ্যুকাফা অসমলৈ আহিছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল এই জন বাঙালী বুদ্ধিজীৱিয়ে।

ছ্যুকাফাক লৈ বিতৰ্কিত মন্তব্য কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অসমীয়া বিৰোধী মন্তব্য কৰা চেটাৰ্জীৰ বিৰুদ্ধে ৰুজু হৈছিল কেইবাটাও গোচৰ।

Photo Credit: Freepressjournal