গুৱাহাটী আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ কৰিলে অপহৃত কিশোৰীক

0
5682
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ পৰা অপহৃত এগৰাকী কিশোৰীক উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। খবৰ অনুসৰি গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা এগৰাকী কিশোৰীক অপহৰণ কৰি উত্তৰ প্ৰদেশলৈ লৈ যোৱা হৈছিল।

ঘটনাৰ পিছতে ছোৱালীজনীৰ পৰিয়ালৰ লোকে পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

এজাহাৰ লাভ কৰাৰ পিছতে মঙলবাৰে উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছিল পল্টন বজাৰ আৰক্ষীৰ এটা দল। তালাচী অভিযান আৰম্ভ কৰাৰ পিছতে আৰক্ষীয়ে ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অশোক কুমাৰ নামৰ এজন ব্যক্তিয়ে কিশোৰীগৰাকীক অপহৰণ কৰিছিল। তেওঁক গ্ৰেপ্তাৰ কৰি বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

জানিব পৰা মতে, ছোৱালীজনী সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল। খবৰ অনুসৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত অশোকক লগ পাইছিল আৰু তেওঁক প্ৰলোভিত কৰি উত্তৰ প্ৰদেশলৈ লৈ যোৱা হৈছিল বুলি অভিযোগ উঠিছে।