বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান গুৱাহাটী আৰক্ষীৰ ! বিভিন্ন স্থানৰ পৰা ৫৩ জনক গ্ৰেপ্তাৰ

0
50

বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান গুৱাহাটী আৰক্ষীৰ ! বিভিন্ন স্থানৰ পৰা ৫৩ জনক গ্ৰেপ্তাৰ

বাল্য বিবাহক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে আৰক্ষীৰ মাৰাথন অভিযান। এই অভিযানত গুৱাহাটীতো ৫৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী আৰক্ষীয়েও বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে। মহানগৰীৰ বিভিন্ন স্থানৰ পৰা নিশাৰ ভিতৰত ৫৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

বাল্য বিবাহক লৈ ১৯২ টা গোচৰ ৰুজু । দিছপুৰ, হাতীগাঁও আৰু বশিষ্ঠ থানাত সৰ্বাধিক গোচৰ ৰুজু কৰা হৈছিল। তাৰে হাতীগাঁও থানাত ১৪ জনক গ্ৰেপ্তাৰ,দিছপুৰ থানাত ২ জনক গ্ৰেপ্তাৰ আৰু বশিষ্ঠ থানাত ৬ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

দিছপুৰ আৰক্ষীৰ জালত পৰিছে মুঠ ৩০ পৰা ৪০ জন অবৈধ স্বামী। জানিব পৰা মতে দিছপুৰ থানাত বাল্য বিবাহৰ প্ৰায় ৬০টা গোচৰ ৰুজু হৈছিল।