26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পুনৰ আৰম্ভ হ’ব ৰ’পৱে সেৱা, কিন্তু ভৰিব লাগিব পূৰ্বতকৈ অধিক ধন

    পুনৰ আৰম্ভ হ’ব ৰ’পৱে সেৱা, কিন্তু ভৰিব লাগিব পূৰ্বতকৈ অধিক ধন

    বৃহস্পতিবাৰৰ পৰা পুনৰ চলাচল আৰম্ভ হ’ব দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা।

    ক”ভিড প্ৰট’কল মানি দৈনিক পুৱা আঠ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ এই সেৱা চলিব।

    উল্লেখ্য যে ক’ভিড সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৬ মে’ৰ পৰা বন্ধ কৰা হৈছিল ৰ’পৱে সেৱা।

    এই ভাল খবৰৰ মাজতে যাত্ৰীসকলৰ বাবে আছে কিন্তু এটা বেয়া খবৰ। ৰ’পৱেৰ ভাৰা বৃদ্ধি কৰা হৈছে।

    পূৰ্বৰ ভাৰাতকৈ যথেষ্ট বৃদ্ধি কৰা হৈছে। কিয়নো পূৰ্বে অহা যোৱা কৰিলে ভাৰা লৈছিল এশ টকা, কিন্তু এতিয়া দিব লাগিব ১৫০ টকা।

    আনহাতে পূৰ্বে এবাৰ পাৰ হ’লে লৈছিল ৬০ টকা কিন্তু এতিয়া দিব লাগিব ১০০ টকা।

    বিশেষভাবে সক্ষম লোকৰ ভাৰা সম্পূৰ্ণ ৰেহাই কৰি দিয়াৰ উপৰি তিনি বছৰৰ পৰা বাৰবছৰ আৰু জ্যেষ্ঠ নাগৰিকৰ ভাৰা হ্ৰাস কৰি আধা কৰা হৈছে।

    ইফালে সাপ্তাহিক ভাৰা দুহেজাৰ, মাহিলী ভাৰা ছহেজাৰ আৰু বছৰেকত ৫০ হাজাৰ টকা ধাৰ্য কৰিছে। আজি জি এম ডি এৰ তৰফৰ পৰা এক জাননীযোগে এই কথা প্ৰকাশ কৰে।

    আৰু পঢ়ক : দেশত পুনৰ বৃদ্ধি আক্ৰান্তৰ সংখ্যা, ২৪ ঘণ্টাত প্ৰাণ হেৰুৱালে ৩,৯৯৮ গৰাকী লোকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং