কাইলৈৰ পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

0
273

কাইলৈৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ কৰাৰ নিৰ্দেশ জাৰি।

অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব এই ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট বিপদসীমাৰ অতিক্ৰম কৰাৰ বাবেই প্ৰশাসনৰ এই সিদ্ধান্ত।

আভ্যন্তৰীণ জল পৰিবহন বিভাহে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে এই নিৰ্দেশনা। ফেৰী চলাচল বন্ধৰ ফলত এতিয়া দুৰ্ভোগ ভুগিব লাগিব যাত্ৰীসকলে।

কিন্তু ফেৰী বন্ধ নকৰিলেও প্ৰাণৰ সংশয় আহি পৰে ফেৰী যাত্ৰী সকলৰ বাবে। কিয়নো বৰ্তমানে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ বাবে সকলোফালে বানৰ সংহাৰ। ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ নৈ-উপনৈ সমূহো পানীৰে উপচি পৰিছে।

প্ৰায় প্ৰতিদিনেই বাঢ়নি পানীত পৰি কেইবা গাৰকী লোকৰ মৃত্যুৰ বাতৰি প্ৰকাশ পাইছে। যাৰ বাবেই আজি প্ৰসাশনে যাত্ৰীৰ সুৰক্ষাৰ বাবেই এই ফেৰী সেৱা বন্ধৰ নিৰ্দেশনা জাৰি কৰে।

এতিয়া গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰা কৰিবলৈ হলে একমাত্ৰ সংযোগ স্থল হৈছে শৰাইঘাটৰ দুয়োখন দল। কেৱল স্থল পথেৰেই এতিয়া উত্তৰ গুৱাহাটীক সৈতে সংযোগ হব গুৱাহাটী মহানগৰীৰ।